Advertisment

বন্ধু পত্নীৰ সৈতে পৰকীয় প্ৰেমঃ প্লাম্বাৰ বাপনে গুলীয়ালে ছাদ্দামক...

১০ দিন পূৰ্বে ছাদ্দামে পলুৱাই নিছিল বাপনৰ পত্নীক

author-image
Asomiya Pratidin
New Update
বন্ধু পত্নীৰ সৈতে পৰকীয় প্ৰেমঃ প্লাম্বাৰ  বাপনে গুলীয়ালে ছাদ্দামক...

বন্ধু পত্নীৰ সৈতে পৰকীয় প্ৰেমঃ প্লাম্বাৰ বাপনে গুলীয়ালে ছাদ্দামক...

ডিজিটেল ডেস্কঃ পুনৰ মহানগৰীত পৰকীয়া প্ৰেমৰ বাবেই সংঘটিত হ'ল জঘণ্য ঘটনা। বন্ধুৱে গুলীয়ালে বন্ধুক।

Advertisment

এই ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ বৰবাৰীত। প্ৰাথমিক খবৰ অনুসৰি বাপন নামৰ এজন যুৱকে সংঘটিত কৰিলে এই ঘটনা।

বাপনৰ পত্নীৰ সৈতে ছাদ্দাম হুছেইন নামৰ আন এগৰাকী যুৱকৰ আছিল অবৈধ সম্পৰ্ক। ইয়াৰ মাজতে ১০ দিন পূৰ্বে ছাদ্দামে বাপনৰ পত্নীক পলোৱাই নিয়ে।

সেই খঙতে বাপনে আজি ছাদ্দাম লক্ষ্য কৰি গুলীয়াই। গুলীৰ আঘাতত গুৰুতৰভাৱে আহত হৈছে ছাদ্দাম। ঘটনাৰ পাছতে তেওঁক কাষতে থকা প্ৰতীক্ষা হাস্পতালত ভৰ্তি কৰোৱা হৈছে। কিন্তু সৰ্বত্ৰে চৰ্চিত প্ৰশ্নটো হ'ল বাপনে ক'ত পালে মাৰণাস্ত্ৰ? কোনে যোগান ধৰিলে এই অস্ত্ৰ?

উল্লেখ্য যে, ছাদ্দাম হুছেইনৰ ঘৰ কলাইগাঁৱৰ আমগুৰিত। তেওঁ পেছাত আছিল এজন ইলেক্ট্ৰিচিয়ান। বাপন নামৰ যুৱকজন পেছাত এগাৰীক প্লাম্বাৰ। দুয়ো পুৰণি বন্ধু। সেই সূত্ৰেই বাপনৰ পত্নীৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল ছাদ্দামৰ। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে বাপনক।

Also Read: অৱসৰ প্ৰাপ্ত আৰক্ষী, সমাজকৰ্মী ভৈৰৱ হাজৰিকাৰ মৃত্যুত শোক

অপৰাধ