অৱসৰ প্ৰাপ্ত আৰক্ষী, সমাজকৰ্মী ভৈৰৱ হাজৰিকাৰ মৃত্যুত শোক

সমাজসেৱা আৰু কৃষি কাৰ্যৰ জৰিয়তে পুনৰ কৰিছিল আত্মপ্ৰতিষ্ঠা
অৱসৰ প্ৰাপ্ত আৰক্ষী, সমাজকৰ্মী ভৈৰৱ হাজৰিকাৰ মৃত্যুত শোক
অৱসৰ প্ৰাপ্ত আৰক্ষী, সমাজকৰ্মী ভৈৰৱ হাজৰিকাৰ মৃত্যুত শোক

ডিজিটেল সংবাদ বেবেজীয়াঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী পূৱ জামুগুৰিৰ হাতীচোঙৰ নিবাসী তথা অৱসৰ প্ৰাপ্ত আৰক্ষী জোৱান, বিশিষ্ট সমাজকৰ্মী ভৈৰৱ হাজৰিকাৰ যোৱা নিশা ৯৫ বছৰত নিজা গৃহত দেহাৱসান ঘটে। গাওঁখনৰ বৰ্ষীয়ান লোক হিচাপে চিহ্নিত হোৱা হাজৰিকাৰ জন্ম হৈছিল ১৯২৯ চনত।

জীৱন কালত হাজৰিকাই অসম আৰক্ষীৰ জোৱান হিচাপে কৰ্তব্য পালন কৰি ১৯৮৭ চনত অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ পাছত প্ৰয়াত ভৈৰৱ হাজৰিকাই সমাজসেৱা আৰু কৃষি কাৰ্যত আত্ননিয়োগ কৰি নিজকে পুনৰ সামাজিকভাৱে পৃথককৈ আত্ম-প্ৰতিষ্ঠা কৰে।

যোৱা বৰ্ষৰ পৰা বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ থকা ভৈৰৱ হাজৰিকা মৃত্যুত সমগ্ৰ জামুগুৰি অঞ্চলতে শোকৰ ছাঁ পৰিছে। উল্লেখযোগ্য যে মৃত্যুৰ সময়ত হাজৰিকাই পুত্ৰ, বোৱাৰী, তিনিগৰাকী জীয়ৰী, নাতি-নাতিনী সহিতে ইষ্ট-কুটুম্বক এৰি থৈ যায়।

অৱসৰ প্ৰাপ্ত আৰক্ষী, সমাজকৰ্মী ভৈৰৱ হাজৰিকাৰ মৃত্যুত শোক
চিৰাঙত হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত BPFৰ বুথ পৰ্যায়ৰ ধাৰাবাহিক সভা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in