মহানগৰীৰ খ্ৰীষ্টানবস্তিত অগ্নিকাণ্ড...

মহানগৰীৰ খ্ৰীষ্টানবস্তিত অগ্নিকাণ্ড...
মহানগৰীৰ খ্ৰীষ্টানবস্তিত অগ্নিকাণ্ড...

ডিজিটেল ডেস্কঃ পুনৰ গুৱাহাটী মহানগৰীত সংঘটিত হ'ল এক বিধ্বংসী অগ্নিকাণ্ড। এইবাৰ অগ্নিকাণ্ডৰ স্থান খ্ৰীষ্টানবস্তি।

খ্ৰীষ্টানবস্তিৰ ছিলভাৰ স্কোৱেৰ টাৱাৰত সংঘটিত হৈছে এই অগ্নিকাণ্ড। ৬ মহলীয়া অট্টালিকাটোৰ তলৰ মহলাত এই অগ্নিকাণ্ড সংঘটিত হোৱাত হুৱাদুৱা লাগে।

অগ্নিকাণ্ডৰ সময়ত সেই স্থানত বহু চাৰিচকীয়া বাহন আৰু দুচকীয়া বাহন পাৰ্ক কৰি থোৱা আছিল। জানিব পৰা মতে শ্বৰ্টচাৰ্কিতৰ ফলত এই অগ্নিকাণ্ডৰ সূত্রপাত হৈছে।

অগ্নিকাণ্ডৰ পাছতে ঘটনাস্থলীত আৰক্ষী আৰু অগ্নি নিৰ্বাপকন বাহিনীৰ লোক উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। এই অগ্নিকাণ্ডত অট্টালিকাটোৰ লিফ্ট আৰু জেনেৰেটৰৰ ক্ষতি হৈছে। এই অট্টালিকাটোত আছিল কেইবাটাও কাৰ্যালয় আৰু এটা ব্যক্তিগত চেটেলাইট চেনেল আৰু এটা প'ৰ্টেলৰ কাৰ্যালয়।

মহানগৰীৰ খ্ৰীষ্টানবস্তিত অগ্নিকাণ্ড...
গুৱাহাটীত কয়লা মাফিয়া বিচাৰি মেঘালয় আৰক্ষীৰ বৃহৎ দল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in