
গুৱাহাটীত কয়লা মাফিয়াক বিচাৰি মেঘালয় আৰক্ষীৰ অভিযান।
দিছপুৰত উপস্থিত মেঘালয় আৰক্ষীৰ এটা বৃহৎ দল।
পলাতক কয়লা মাফিয়াক বিচাৰি উপস্থিত হৈছেহি দলটো।
প্ৰায় ৭ ৰ পৰা ৮জন কয়লা মাফিয়াক বিচাৰি অভিযান চলাইছে আৰক্ষীৰ দলটোৱে।
পলাতক কয়লা মাফিয়াৰ দলটোত আছে অমিত বাঘলা, ৰঞ্জনলাল সিংঘাল, দীপক সিংলা।
দলটোত আছে পৱন কুমাৰ ঝা আৰু ৰিষি আগৰৱাল।
এই আটাইকেইজনৰে ঘৰ বিচাৰি চলিছে অভিযান।
মেঘালয় আৰক্ষীৰ দলটোক সহযোগ কৰিছে অসম আৰক্ষীৰ এটা দলে।
অভিযানত ৰহস্যজনক ভূমিকা গ্রহণ কৰিছে অসম আৰক্ষীৰ।