/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/8a07c759-5b1d-41b3-ab47-ec8a88fe912f/AP_FOR_WEB_dilip.jpg)
ডিজিটেল ডেস্ক : পঞ্চভূতত বিলীন হ'ল বিশিষ্ট অভিনেতা-লেখক-ৰাজনীতিবিদ তথা অধিবক্তা দিলীপ কুমাৰ হাজৰিকা। বৃহস্পতিবাৰে সন্ধিয়া ৮-৩১ বজাত অসমৰ সাহিত্য-সংস্কৃতিৰ পথাৰ উকা কৰি গুচি গ'ল এগৰাকী অগ্ৰগামী অসমীয়া। অসমৰ সমান্তৰালকৈ বলিউডতো তেওঁৰ এক সুকীয়া পৰিচয় আছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/5ebf24d9-5cab-4a88-b7c9-3dade925f7d7/2aae3818_f4ad_4dd4_aca7_7452de5fe53c.jpg)
শুকুৰবাৰে শিলপুখুৰীস্থিত নৱগ্ৰহ শ্মশানত দিলীপ কুমাৰ হাজৰিকাৰ শেষকৃত্য সম্পন্ন কৰা হয়। তেওঁৰ এই অন্তিম যাত্ৰাত সংগ দিয়ে সাহিত্যিক,সাংবাদিক,ক্ৰীড়া সংগঠক আদিকে ধৰি সমাজৰ গণ্যমান্য ব্যক্তিসকলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/ae27a2ba-592a-4527-8cc9-be509027b860/e38c1bdd_accc_4eb5_83a8_63eb8b52570b.jpg)
উল্লেখযোগ্য যে, অসমৰ শিল্পীসকলৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত সদায় অগ্ৰণী ভূমিকা পালন কৰিছিল দিলীপ কুমাৰ হাজৰিকাই। কিন্তু তেওঁৰ অন্তিম যাত্ৰাত দেখিবলৈ পোৱা নগ'ল একাংশ বিখ্যাত শিল্পীক। শিল্পীগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা জনাবলৈ আহৰি নহ'ল একাংশ বিখ্যাত শিল্পীৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/4bc730be-55d3-42cf-bd29-303c3907fed9/58861790_41bf_4879_a7c5_ccb94cfe7a3b.jpg)
অৱশ্যে জ্যোতিচিত্ৰবনৰ অধ্যক্ষ তথা সংগীত শিল্পী বিদ্যাসাগৰে সদ্য প্ৰয়াত শিল্পীগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জনায়। এই মহান ব্যক্তিগৰাকীৰ অন্তিম যাত্ৰাত শিক্ষাবিদ ড০ অমৰজ্যোতি চৌধুৰী, বিশিষ্ট অধিবক্তা অৰূপ বৰবৰা,সুনীল পৱন বৰুৱা, বিচিচিআই যুটীয়া সচিব দেৱজিত লন শইকীয়া,জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইন,প্ৰকাশ মহন্ত,দ্বীজেন ভট্টাচাৰ্য, শিল্পী সঞ্জীৱ সভাপণ্ডিত,নৱ বৰা,পৰেশ বৰুৱা,বলীন কুলী, মৃদুল কুমাৰ সন্দিকৈ,ধীৰেন্দ্ৰ দেৱ অধিকাৰী,জয়ন্ত বৰ্মন,দিপাংকৰ হাজৰিকা,কোকিল দাস,মুকুল হাজৰিকা,গায়ত্ৰী ডেকা,অতনু কুমাৰ চৌধুৰী আদি ভালেসংখ্যক গন্যমান্য ব্যক্তিয়ে তেখেতৰ নশ্বৰদেহত শেষ শ্ৰদ্ধঞ্জলি জ্ঞাপন কৰে।
Also Read: বিশিষ্ট অভিনেতা-লেখক-ৰাজনীতিবিদ দিলীপ কুমাৰ হাজৰিকা আৰু নাই