/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/99d3647d-22eb-4cdd-bb37-a458e00026f1/01.jpg)
ডিজিটেল সংবাদ,গুৱাহাটী : দক্ষিণ কামৰূপ সচেতন মঞ্চৰ তৰফৰ পৰা আন্তৰ্জাতিক নাৰী দিৱসৰ স'তে সংগতি ৰাখি বিভিন্ন ক্ষেত্ৰৰ ৯গৰাকী নাৰীক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। এই অনুষ্ঠানত মঞ্চৰ উপদেষ্টা তথা অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য দীপক শৰ্মা, অধ্যক্ষ তথা প্ৰাক্তন ছাত্ৰ নেতা মদন দাস, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধি, সাহিত্য- সাংস্কৃতিক কৰ্মী অৰ্চনা হীৰা, ভাৰপ্ৰাপ্ত সম্পাদক লফিকুল হকৰ নেতৃত্বত এটি সঁজাতি দলে কেউগৰাকী নাৰীক সম্বৰ্ধনা জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/17699bfe-4d4d-480d-a1c1-1826b2b70b75/b6271000_bc25_4760_8723_7de8cad0407e.jpg)
তেওঁলোক হৈছে ক্ৰমে- পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া হিমাদ্ৰী বৰা, মিৰ্জা চিকিৎসালয়ৰ শিশু বিভাগৰ জ্যেষ্ঠ চিকিৎসক ডা০ চুলতনা বেগম, আয়ুৰ্বেদিক চিকিৎসক ডা০ উপমা বৰ্মণ, পলাশবাৰী আৰ.বি. উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অধ্যক্ষা গীতা ডেকা, উপৰহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মিনু তালুকদাৰ, বিজয়নগৰস্থিত এপেক্স বেংকৰ শাখা প্ৰবন্ধক নীলাক্ষি ডেকা,সৰপাৰা মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰছিদা বেগম,শাক- পাচলিৰ ব্যৱসায়ী সুনতি দাস আৰু শিপিনী দীপালি দাস (ভূড়াপাৰা, ৰামপুৰ)ক বিশেষভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/e5c6b454-b5bc-4ffe-866b-3788ca735f56/03997231_5c5d_402a_86eb_543398c4ee21.jpg)
আটাইকেইগৰাকীকে ফুলাম গামোচা, প্ৰশস্তি পত্ৰ আৰু কিতাপৰ টোপোলা আদিৰে সম্ভাষণ জ্ঞাপন কৰে । অনুষ্ঠানত আলহি হিচাপে এড়ি শিল্পৰ স'তে জড়িত অনিল কলিতা, শিক্ষয়িত্ৰী হীৰা দেৱী, নিশা দাস, শিক্ষক ভৱেশ কলিতা, মুনীন্দ্ৰ ভাগৱতী, সংবাদকৰ্মী জিতুমণি কলিতা, চিত্ৰশিল্পী প্ৰদ্যুৎ পৱন দাস, শিক্ষক নিতুল কলিতাই অনুষ্ঠানত অংশ লয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/8b442899-439e-4950-87ac-163ca4e3b277/e1586438_3ecc_4e3f_bfae_48362ee428d9.jpg)
অনুষ্ঠানত অংশ লৈ ৰাজহ চক্ৰ বিষয়া হিমাদ্ৰী বৰাই কয়- "আমি মই আহ্লাদিত । একো - একোগৰাকী নাৰীয়ে তেওঁলোকৰ নিজ কৰ্মৰে মহীয়ান হৈছে । নিজৰ দক্ষতাৰে কৰ্ম কৰিব লাগে, প্ৰতিগৰাকী নাৰী ।"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/ac7b1632-e333-4c59-91be-2bfdcd824701/fc4db3ad_dc85_4cc6_b9f1_86fc2ac3a7c5.jpg)
অধ্যক্ষা মিনু তালুকদাৰে কয়- "সমাজৰ প্ৰতিগৰাকী নাৰী নিজৰ খোঁজ সমাজত বৰ্তাই ৰাখিবৰ বাবে অহৰহ প্ৰয়াস কৰিব লাগে । নাৰীসকলে নিজকে আগুৱাই লৈ যাবৰ বাবে যথেষ্ট কষ্ট কৰিব লাগে ।"
প্ৰবন্ধকাৰ, সমাজ সেৱক কমল চন্দ্ৰ মেধিয়ে কয়- "নাৰীৰ শক্তি অপাৰ । একালত স্বামী যুঁজৰ বাবে যাবৰ বাবে এৰাতি বাবে অংগবস্ত্ৰ নিৰ্মাণ কৰি দিছিল ।" ইয়াৰোপৰি পৰাগজ্যোতি প্ৰকাশনৰ সচিব দীপক শৰ্মাই কয়- "ইতিবাচক চিন্তাধাৰাৰে প্ৰতিগৰাকী নাৰীয়ে ইজনে সিজনক আগুৱাই লৈ যোৱাৰ বাবে বদ্ধপৰিকৰ প্ৰয়াস কৰিব লাগে ।"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/6d3e00ad-b6c7-450d-ad86-5281faaa8098/3c47a5cd_69a5_402f_9a94_bb452d5561b9.jpg)
অধ্যক্ষ মদন দাসেও বক্তব্য প্ৰদান কৰে। দাসে কয়- "সমাজৰ সকলো শ্ৰেণীৰ নাৰীক আগুৱাই লৈ যোৱাৰ বাবে চৰকাৰৰ পৰা যথোচিত ব্যৱস্থা ল'ব লাগে ।"
Also Read: গো-চৰণীয়া পথাৰ বেদখলকাৰীৰ বিৰুদ্ধে ওলাই আহিল চিলাপথাৰৰ শ শ ৰাইজ