গো-চৰণীয়া পথাৰ বেদখলকাৰীৰ বিৰুদ্ধে ওলাই আহিল চিলাপথাৰৰ শ শ ৰাইজ

গো-চৰণীয়া পথাৰ বেদখলকাৰীৰ বিৰুদ্ধে ওলাই আহিল চিলাপথাৰৰ শ শ ৰাইজ

ডিজিটেল সংবাদ,চিলাপথাৰ : চিলাপথাৰৰ মধ্য চিচিটঙানী গাঁও পঞ্চায়তৰ ভেকেলী টঙানিৰ গাঁৱৰ শ শ ৰাইজে ভূ মাফিয়াৰ বিৰূদ্ধে বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজৰ অভিযোগ অনুসৰি ১৯৭১ চনৰ পৰাই চিচি মৌজাৰ অধীনত থকা মেৰ দেৱেৰা লাটৰ ৭ বিঘা ভূমি গো-চৰণীয়া পথাৰ হিচাপে ৰাইজে ব্যৱহাৰ কৰি আহিছে।

কিন্তু শেহতীয়াকৈ গাঁৱৰে এজন ভূ মাফিয়াই নিজৰ ধন বল বাহু-বলত বলীয়ান হৈ ৰাইজৰ ভূমি নিজৰ ভূমি বুলি দাবী কৰি বেদখল কৰাত একাংশ ৰাইজ জাঙুৰ খাই উঠিছে । আজি ভেকুলী টঙানী গাওঁৰ শ শ পূৰুষ মহিলাই হাতে হাতে প্লে-কাৰ্ড লৈ "এজন ব্যক্তি ৰাইজৰ উৰ্ধত নহয়, অবৈধ বে-দখলকাৰী হুচিয়াৰ, আমাৰ দাবী মানিব লাগিব, গৰু বন্ধা গেজিং নিৰাপদে ৰাখক " আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

তাহানিৰ পৰাই ৰাইজে ব্যৱহাৰ কৰা গো চৰণীয়া পথাৰ বেদখল কৰা কাৰ্য্য কোনো পদ্ধেই সহ্য কৰা নহ'ব বুলি সকিয়াই দিয়ে বে-দখলকাৰীক। ইফালে ভূ মাফিয়াই ওলোটাই মিছা অভিযোগ আনি ইতিমধ্যে ৰাইজৰ ওপৰত তৰা গোচৰ শীঘ্ৰেই প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়। অন্যথা ভূ মাফিয়াৰ বিৰূদ্ধে ঐক্যবদ্ধ ৰাইজে থানাত গোচৰৰ তৰাৰ হুংকাৰ প্ৰদান কৰে ।

গো-চৰণীয়া পথাৰ বেদখলকাৰীৰ বিৰুদ্ধে ওলাই আহিল চিলাপথাৰৰ শ শ ৰাইজ
ৰাছিয়া-ইউক্ৰেইনৰ সংঘৰ্ষত হায়দৰাবাদৰ যুৱকৰ মৃত্যু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in