মহানগৰীৰ পূব-জ্যোতিনগৰ এলেকাত সংঘটিত হৈছে লজ্জাজনক ঘটনা।
সভ্য সমাজক লাজত পেলাই পুত্ৰৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত পিতৃ।
প্ৰবাল দাস নামৰ লোকজনে পিতৃক প্ৰহাৰ কৰি ৰাজপথত পেলাই থৈ যায়।
জানিব পৰামতে ধৃত প্ৰবাল দাসে লাঠিৰে কোবাই আঘাতপ্ৰাপ্ত কৰে পিতৃক।
পিঠি, হাত আদিকে ধৰি শৰীৰ বিভিন্ন অংশত আঘাতৰ চিন।
আঘাতপ্ৰাপ্ত পিতৃৰ নাম প্ৰভাত দাস।
ইতিমধ্যে পিতৃৰ এজাহাৰৰ ভিত্তত পুত্ৰ প্ৰবাল দাসক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
ঘটনাক কেন্দ্ৰ কৰি পূব-জ্যোতিনগৰৰ সচেতন মহলে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।