মহানগৰীত সোণৰ নাও, নকল নোটৰ সৈতে দুই প্ৰৱঞ্চকক গ্ৰেপ্তাৰ...

মহানগৰীত সোণৰ নাও, নকল নোটৰ সৈতে দুই প্ৰৱঞ্চকক গ্ৰেপ্তাৰ...
মহানগৰীত সোণৰ নাও, নকল নোটৰ সৈতে দুই প্ৰৱঞ্চকক গ্ৰেপ্তাৰ...

ডিজিটেল ডেস্কঃ গুৱাহাটীত পুনৰ আৰক্ষীৰ জালত পৰিছে নকল সোণ আৰু নকল নোটৰ ব্যৱসায়ী। এক অভিযানত আৰক্ষীয়ে কটাহবাৰীৰ এটা বাসগৃহৰ পৰা ৪ খন সোণৰ নাও আৰু দুটা সোণৰ মূৰ্তিৰ লগতে বুজন পৰিমাণৰ জালনোট জব্দ কৰিছে।

জানিব পৰা মতে এই নকল সোণ আৰু নকল নোটৰ কাৰোবাৰ কৰা দুটাকৈ প্ৰৱঞ্চকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা দুই প্ৰৱঞ্চক হৈছে ছফিকুল ইছলাম আৰু ছাহাবুদ্দিন ।

ইয়াৰে ছাহাবুদ্দিনৰ ঘৰ নগাঁৱত আৰু ছফিকুল ইছলামৰ ঘৰ লখিমপুৰ জিলাত। স্থানীয় লোকৰ ভাষ্য অনুসৰি নগাঁৱৰ ছফিকুলে এটা বাসগৃহ ভাড়ালৈ লৈছিল। মাজে মাজে তালৈ আহিছিল ছফিকুল ইছলাম। এই ঘৰটোৰ পৰাই অভিযান চলাই সোণৰ মূৰ্তি, নাওঁসহ নকল নোট জব্দ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in