মহানগৰীত জব্দ নকল সোণ-জাল নোট

মহানগৰীত জব্দ নকল সোণ-জাল নোট

author-image
Asomiya Pratidin
New Update
মহানগৰীত জব্দ নকল সোণ-জাল নোট

ডিজিটেল ডেস্কঃ মহানগৰীৰ দাতালপাৰাত আৰক্ষীয়ে চলোৱা এক অভিযানত জব্দ কৰে নকল সোণ আৰু নকল টকা। ফটাশিল আৰক্ষী আৰু এছ অ' জিয়ে চলোৱা এক যুটীয়া অভিযানত জব্দ হয় দুখন নকল সোণৰ নাও আৰু ৫০০ টকীয়া নকল নোট। আৰক্ষীয়ে জব্দ কৰে প্ৰায় ৮ লক্ষাধিক টকাৰ জাল নোট।

Advertisment

উক্ত ঘটনাৰ লগত জড়িত দুই সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰিছে। আটক কৰা দুই সৰবৰাহকাৰীৰ নাম বাহাৰ উদ্দিন আৰু জাকিৰ হুছেইন। উক্ত ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

Also Read: ৰঙিয়াত বিশ্ব নাট্য দিৱস উদযাপন

guwahati police fake gold seized guwahati fake currency