বোন্দাত শাৰদীয় দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি

বোন্দাত শাৰদীয় দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি

author-image
Asomiya Pratidin
New Update
বৰমাত ৯১ সংখ্যক বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গা পূজাৰ প্ৰস্তুতি...

ডিজিটেল সংবাদ,গুৱাহাটী : মহানগৰীৰ নাৰেংগীৰ সমীপৰ বোন্দাত‌ শক্তিৰ অধিষ্ঠাত্ৰী দেৱী শাৰদীয় দুৰ্গা পূজা উদযাপনৰ ব্যাপক প্ৰস্তুতি চলাইছে। ইতিমধ্যে ৪৮ সংখ্যক বোন্দা আঞ্চলিক সাৰ্বজনীন শ্ৰীশ্ৰী দুৰ্গা পূজা পৰিচালনাৰ বাবে ভৱেশ ডেকা, দীপক শৰ্মাক মুখ্য উপদেষ্টা, আনন্দ বড়োক সভাপতি হিচাপে লোৱা হৈছে।

ইয়াৰোপৰি জীতেন ৰাভাক কাৰ্যকৰী সভাপতি, ভৰত বৰ্মন, সৎ ৰাম কলিতা, অক্ষয় বৈশ্য, বিন্দু টাৰা‌ মেধি, পদ্মা হাজং, লক্ষ্মী মালাকাৰ দেৱ নাথক উপ-সভাপতি হিচাপে সমিতত লোৱা হৈছে। একেদৰে মিন্টু দাসক সাধাৰণ সম্পাদক, প্ৰশান্ত গগৈ,‌ মন কলিতা, পঙ্কজ টাৰা, ৰঞ্জিত শইকীয়া, থুনুৰাণী মজুমদাৰ, কল্পনা দেৱী বৰাক‌ সহ: সাধাৰণ সম্পাদক, মনোৰঞ্জন বৰ্মনক‌ কোষাধ্যক্ষ, অৰবিন্দ বৰুৱাক কাৰ্যালয় সম্পাদক হিচাপে লৈ এখনি শক্তিশালী পূজা সমিতি গঠন কৰিছে।

বোন্দা আঞ্চলিক জনজাতি ক্ৰীড়া আৰু সাংস্কৃতিক বিকাশ ‌কেন্দ্ৰৰ খেলপথাৰত ৯ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ ভিন ভিন কাৰ্যসূচীৰে দুৰ্গা পূজা ভাগি উদযাপন কৰা হ'ব ।

Also Read: দৰঙৰ চৰত ভূমিকেন্দ্ৰিক সংঘাত : এজনক হাস্পতালত ভৰ্তি...

দুৰ্গা পূজা