দৰঙৰ চৰত ভূমিকেন্দ্ৰিক সংঘাত : এজনক হাস্পতালত ভৰ্তি...

দৰঙৰ চৰত ভূমিকেন্দ্ৰিক সংঘাত : এজনক হাস্পতালত ভৰ্তি...

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

ডিজিটেল সংবাদ,মঙলদৈ : দৰঙৰ চৰত সংঘটিত হৈছে ভূমিকেন্দ্ৰিক সংঘাত। জানিব পৰা মতে মঙলদৈ থানাৰ অন্তৰ্গত ২ নং ধৰীয়াখাইতি চাউলখোৱা গাঁৱত দুই ফৈদৰ মাজত মাটি-বাৰীক লৈ প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় ৷

Advertisment

ফলত জিয়াউৰ ৰহমান নামৰ এজন লোক গুৰুতৰভাৱে আহত হয়। আহত জিয়াউৰক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাইছিল যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

Also Read: ডি বি ষ্টক ব্ৰকিং কেলেংকাৰী : দীপাংকৰ বৰ্মনৰ প্ৰেয়সীক গ্ৰেপ্তাৰ

Assam police