আপৰ আদৰ্শগত ছাত্ৰ সংগঠন 'ছাত্ৰ যুৱ সংগ্ৰাম সমিতি'ৰ কার্যনির্বাহক সভা

আপৰ আদৰ্শগত ছাত্ৰ সংগঠন 'ছাত্ৰ যুৱ সংগ্ৰাম সমিতি'ৰ কার্যনির্বাহক সভা

author-image
Asomiya Pratidin
New Update
আপৰ আদৰ্শগত ছাত্ৰ সংগঠন 'ছাত্ৰ যুৱ সংগ্ৰাম সমিতি'ৰ কার্যনির্বাহক সভা

ডিজিটেল ডেস্ক : আম আদমি পাৰ্টীৰ আদৰ্শগত ছাত্র সংগঠন ছাত্র যুৱ সংগ্রাম সমিতিৰ ৰাষ্ট্ৰীয় সভাপতি অনুৰাগেন্দ্ৰ নিগমে অসমত সংগঠনৰটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে দেওবাৰে গুৱাহাটীত উপস্থিত হয়। পুৱা বৰঝাৰ বিমানবন্দৰত সংগঠনটোৰ সদস্যসকলে তেওঁ উষ্ম আদৰণি জনায়।

Advertisment

ইয়াৰ পিছতে সভাপতি নিগমে কামাখ্যা মন্দিৰত আশীষ লোৱাৰ লগতে বিয়লি অসমৰ শতাধিক সদস্যৰ উপস্থিতিত গণেশগুৰিস্থিত ৰাজ্যিক কার্যালয়ত এখন গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰে। সভাত ৰাষ্ট্ৰীয় সভাপতি অনুৰাগেন্দ্ৰ নিগমে ছাত্ৰ সংগঠনটোৰ সাংগঠনিক দিশ শক্তিশালী কৰা সন্দৰ্ভত বক্তব্য প্ৰদান কৰে।

লগতে আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ বলিষ্ঠ নেতৃত্বত নতুন ধ্যান-ধাৰণাৰে সমগ্ৰ ভাৰততে দলটো আগবাঢ়িছে বুলি মন্তব্য কৰে। লগতে কয় যে ৰাইজৰ কাম তথা সমস্যাসমূহ সমাধানৰ বাবে আপ দলটোৰ জন্ম হৈছে।

ৰাজ্য এখনৰ বাজেটৰ টকা সঠিক পথত খৰছ কৰি জনসাধাৰণক বিনামূলীয়া বিজুলী, খোৱাপানী, উন্নত চৰকাৰী স্কুল, চৰকাৰী চিকিৎসালয় এখন বেচৰকাৰীতকৈ ভাল কেনেকৈ কৰিব পাৰি সেইটো আম আদমি পার্টীয়ে দিল্লী আৰু পাঞ্জাবত দেখুৱাই দিছে বুলি উল্লেখ কৰে।

সভাত আপৰ অসম ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী, ছাত্র যুব সংগ্রাম সমিতিৰ অসমৰ সভাপতি দিব্যজ্যোতি কুলী, তত্ত্বাবধায়ক দিপাংকৰ কলিতা, সম্পাদক মিলন্ট বুঢ়াগোহাঁই, বাবুল আলীকে ধৰি শতাধিক সদস্য উপস্থিত থাকে। সদৌ শেষত সভাপতি ভবেন চৌধুৰীয়ে আগন্তক দিনৰ কৰ্মসূচী আৰু কাৰ্যক্ৰমণিকাৰ সন্দৰ্ভত বহল ভিত্তিত মন্তব্য আগবঢ়াই অসমৰ বিভিন্ন প্রান্তৰ পৰা অহা কাৰ্যনিৰ্বাহক সদস্যসকলৰ মতামত গ্ৰহণ কৰি সভা ভংগ ঘোষণা কৰে।

Also Read: ব্ৰহ্মপুত্ৰৰ বুকুত ডুবিল চাৰিচকীয়া বাহন : এজনৰ মৃত্যু

aap assam