/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/cd583afa-bbb7-4fe7-baee-d4fa82b1ffea/GU_06.jpg)
কেন্দ্ৰীয় মন্ত্ৰী নিশিথ প্ৰামানিকৰ সৈতে GU ৰ এন এছ এছ কোষৰ স্বেচ্ছাসেৱকৰ মত বিনিময়...
ডিজিটেল ডেস্কঃ ভাৰত চৰকাৰৰ কেন্দ্ৰীয় ৰাজ্যিক যুৱ পৰিক্ৰমা, ক্ৰীড়া আৰু গৃহ মন্ত্ৰী নিশিথ প্ৰামানিকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি চমুকৈ এন এছ এছ কোষৰ স্বেচ্ছাসেৱকৰ সৈতে জি২০ ৰ অংশ হিছাপে হোটেল ৰেডিচন ব্লুত ৫ ফেব্ৰুৱাৰীত মত বিনিময় কৰে। বিশ্ববিদ্যালয়খনৰ ছাত্ৰকল্যাণৰ সঞ্চালক তথা এন এছ এছৰ কাৰ্য্যসূচী সমন্বয়ক ড° ৰঞ্জন কুমাৰ কাকতিৰ নেতৃত্বত যোৱা দলটোৱে আলোচনাৰ সময়ত মন্ত্ৰীগৰাকীয়ে এন এছ এছ ইউনিটসমূহে কৰা কাম-কাজৰ বুজ লয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/9e9c7b37-ddc7-4ab1-9806-af30b42b5618/d58b89ac_346a_4276_8848_c42629b5312a.jpg)
লগতে পালিত গাঁও , বহনক্ষম উন্নয়নৰ লক্ষ্যৰ ওপৰত আলোচনা, ক্ষুদ্ৰ বনাঞ্চল গঠন, স্বাস্থ্য আৰু অনাময়, ৰক্তদান, উদ্যোগীকৰণ বিকাশ আৰু এন এছ এছ স্বেচ্ছাসেৱকসকলৰ বাবে চফ্ট স্কিল প্ৰশিক্ষণৰ বিষয়ে আলোচনা কৰে। ড° ৰঞ্জন কুমাৰ কাকতিৰ অনুৰোধত সন্মতি জনাই মন্ত্ৰীগৰাকীয়ে সমগ্ৰ ভাৰতৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত এন এছ এছ এটা বিষয় হিচাপে প্ৰৱৰ্তন কৰা আৰু ৰাষ্ট্ৰীয় এন এছ এছ বঁটাপ্ৰাপকসকলৰ বাবে চাকৰি সংৰক্ষণৰ কৰাৰ আশ্বাস প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/ccaf4a69-21fa-489d-9293-17f8c2bcd62c/13b051df_bbd9_4b6d_94f0_59d7724f0ccd.jpg)
উত্তৰ পূৱ এন এছ এছৰ আঞ্চলিক সঞ্চালক দিপক কুমাৰে অনুষ্ঠানৰ আঁত ধৰে। এই কাৰ্যসূচীত এন এছ এছৰ কাৰ্যসূচী বিষয়া এছ ৰয় চৌধুৰী, সত্যব্ৰত বৰুৱা, ঋতুপৰ্ণ বৰা, যুগব্ৰত দাস, ৰাষ্ট্ৰীয় এন এছ এছ বঁটা বিজয়ী, আৰ ডি পেৰেড কৰা স্বেচ্ছাসেৱক আৰু এন এছ এছৰ বিভিন্ন ইউনিটৰ সক্ৰিয় এন এছ এছ স্বেচ্ছাসেৱকসকলে অংশগ্ৰহণ কৰে।
Also Read: কি পৰ্যায়ত আছে সপোনৰ মাজুলীৰ দলং? নিৰ্মাণকাৰী সংস্থাই চলাই আছে খুঁটাৰ নিৰ্মাণ কাৰ্য...