কি পৰ্যায়ত আছে সপোনৰ মাজুলীৰ দলং? নিৰ্মাণকাৰী সংস্থাই চলাই আছে খুঁটাৰ নিৰ্মাণ কাৰ্য...

কি পৰ্যায়ত আছে সপোনৰ মাজুলীৰ দলং? নিৰ্মাণকাৰী সংস্থাই চলাই আছে খুঁটাৰ নিৰ্মাণ কাৰ্য...
কি পৰ্যায়ত আছে সপোনৰ মাজুলীৰ দলং? নিৰ্মাণকাৰী সংস্থাই চলাই আছে খুঁটাৰ নিৰ্মাণ কাৰ্য...

ডিজিটেল সংবাদ মাজুলী: বহু চৰ্চিত মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণকাৰ্য বৰ্তমান পূৰ্ণ পৰ্যায়ত চলি থকা কাৰ্য্যই আশাৰ বতৰা কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে, যোৱা বছৰৰ ১ মে'ৰ দিনা মাজুলীৰ বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি দলে চলোৱা চৰজমিন তদন্তৰ কালত মাজুলীবাসীৰ সপোনৰ মাজুলী-যোৰহাট সংযোগী দলংৰ ৮ নং খুঁটাৰ বিসংগতিৰ অভিযোগ আনিছিল।

এই অভিযোগৰ পিছত সুদীৰ্ঘ ছমাহ সময় দলংৰ নিৰ্মাণ কাৰ্যত স্হৱিৰতা আহি পৰিছিল। দলং নিৰ্মাণত হোৱা বিসংগতি অভিযোগৰ ওপৰত সংশ্লিষ্ট বিভাগৰ উৰ্দ্ধতম কৰ্তৃপক্ষৰ তৎপৰতা তথা চৰকাৰে লোৱা পদক্ষেপৰ অংশ হিচাপে সকলো পৰীক্ষা নিৰীক্ষাৰ অন্তত বিতৰ্কৰ ওৰ পৰে।

ইয়াৰ পিছত ক্ৰমান্বয়ে দলং নিৰ্মাণকাৰী সংস্থা কোম্পানী ইউ পি ষ্টেট ব্ৰীজ কনষ্ট্ৰাকচন কোম্পানীয়ে পুনৰ দলং নিৰ্মাণৰ কামত আত্ম নিয়োগ কৰে। বৰ্তমান মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ কাম পূৰ্ণ গতিত চলি আছে।

এই সন্দৰ্ভত ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰণালয় বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা দেৱপ্ৰদত্ত নাথে অসমীয়া প্ৰতিদিন ডিজিটেলক জনোৱামতে মাজুলীবাসীৰ সপোনৰ মাজুলী-যোৰহাট সংযোগী দলংত মুঠ ৭১ টা খুঁটা থাকিব। মাজুলী দিশত ভাইডাক্ট ১৩টা খুঁটা থাকিব ইয়াৰে ১৩ টা খুঁটাৰ কাম চলি আছে।

এক্সা ড'চত মুঠ ১০টা খুঁটা থাকিব। ইয়াৰে ৯টা খুঁটাৰ কাম বৰ্তমান চলি আছে কিন্তু কাৰিকৰী কাৰণত এটা খুঁটাৰ কাম আৰম্ভ হোৱা নাই। ইপিনে যোৰহাট দিশত ভাইয়া ডাক্টত ১৬ খুঁটাৰ ভিতৰত ৭টা খুঁটাৰ কাম চলি আছে।

এক্সা ড'চত ২২টা খুঁটা থাকিব। ইয়াৰে ৩টা খুঁটাৰ প্ৰাথমিক কাম আৰম্ভ হৈছে। ইয়াৰ এটা কথা ক'ব পাৰি যে ৭১টা খুঁটাৰ ভিতৰত ৩২টা খুঁটাৰ কাম বৰ্তমান চলি আছে। ইপিনে ২৩ নম্বৰ খুঁটাৰ পৰা ৩২নম্বৰ খুঁটা মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত থাকিব।

এই খুঁটাসমূহ বিশেষ পদ্ধতিৰে নিৰ্মাণ কৰা হ'ব। দলংৰ কাষ্টিং য়াৰ্ডৰ কাম অহা এপ্ৰিলৰ পৰা আৰম্ভ হ'ব বুলি বিষয়াগৰাকীয়ে অসমীয়া প্ৰতিদিন ডিজিটেলক সদৰী কৰে। উল্লেখ্য যে, ৯২৫ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগা মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ কাম শুভাৰম্ভ কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীগৰাকীয়ে অহা ২০২৬ ৰ আগতে মাজুলীবাসীৰ সপোনৰ দলং মাজুলী-যোৰহাট সংযোগী দলংৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হ'ব বুলি ঘোষণা কৰিছিল।

কি পৰ্যায়ত আছে সপোনৰ মাজুলীৰ দলং? নিৰ্মাণকাৰী সংস্থাই চলাই আছে খুঁটাৰ নিৰ্মাণ কাৰ্য...
প্ৰকৃতিয়ে তাণ্ডৱ চলাইছে তুৰস্কতঃ আকৌ আহিল এটা বৃহৎ ভূমিকম্প...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in