লটাৰীত ব্যতিক্ৰমী উপহাৰ...

চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা কেইগৰাকী মান যুৱক-যুৱতীয়ে মানুহৰ ঘৰে ঘৰে গৈ সকলোকে অনুৰোধ কৰিলে লটাৰীৰ টিকট ল'বলৈ । এটা ফাউণ্ডেচনৰ অধীনত যোৱা যুৱক-যুৱতীসকলক কিছুসংখ্যকে নিৰাশ কৰিলে আৰু কিছু লোকে তেওঁলোকৰ উদ্দেশ্যক গ্ৰহন কৰিলে
ল’টাৰী
ল’টাৰী

ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা কেইগৰাকী মান যুৱক-যুৱতীয়ে মানুহৰ ঘৰে ঘৰে গৈ সকলোকে অনুৰোধ কৰিলে লটাৰীৰ টিকট ল'বলৈ । এটা ফাউণ্ডেচনৰ অধীনত যোৱা যুৱক-যুৱতীসকলক কিছুসংখ্যকে নিৰাশ কৰিলে আৰু কিছু লোকে তেওঁলোকৰ উদ্দেশ্যক গ্ৰহন কৰিলে ।

এই টিকটৰ উপহাৰো স্বৰূপে আছিল কিতাপ আৰু আলোচনী । অধিকাংশ‌ই কিতাপ পঢ়িবলৈ আগ্ৰহ নকৰা এইযুগত সেয়ে টিকট বিক্ৰী কৰিবলৈ তেওঁলোকে দুগুণ কষ্ট কৰিবলগীয়া হৈছিল । অৱশেষত টিকট বিক্ৰীৰ এই তিনিমহীয়া যাত্ৰাৰ অন্তত যোৱা ৰবিবাৰে তেওঁলোকে উপহাৰ সমূহ লৈ ল'টাৰীৰ খেলখন আয়োজন কৰিলে শংকৰদেৱ বিদ্যা নিকেতন, নাৰেঙ্গীত । ১৬০ টা উপহাৰৰে সৈতে তেওঁলোকে নাৰেংগীৰ ৰাইজৰ সম্মোখত খেল আয়োজন কৰি ঘোষণা কৰিলে বিজয়ীৰ নাম ।

ফাউণ্ডেচনৰ যুৱক-যুৱতীসকল
ফাউণ্ডেচনৰ যুৱক-যুৱতীসকল

'গুণমালা ফাউণ্ডেচন'ৰ এই সকল যুৱক-যুৱতীৰ মূল‌ উদ্দেশ্যে হৈছে ভাষাৰ সংৰক্ষণ আৰু ইয়াৰ প্ৰসাৰ । যি সময়ত ইংৰাজী ভাষাই সকলো ভাষাকে গো-গ্ৰাসে গিলিবলৈ আৰম্ভ কৰিছে ,‌ তেনে সম‌য়ত ফাউণ্ডেচনটোৱে নীৰৱে লোৱা এই প্ৰয়াসক নাৰেঙ্গীৰ শংকৰদেৱ বিদ্যা নিকেতনত দেখিবলৈ পোৱা গ'ল ।

জ্যেষ্ঠ নাগৰিক চাঞ্চিৰাম পায়েঙৰ বন্তি প্ৰজ্বলনৰ সৈতে গুণমালা পৰিয়ালৰে হিমাদ্ৰী দাসৰ বৰগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত জেষ্ঠ নাগৰিকক গছপুলি প্ৰদান কৰে কৃতিকা দাসে । উপস্থিত সকলোকে লটাৰীৰ উদ্দেশ্য তথা ফাউণ্ডেচনৰ লক্ষ্য সমূৰহ কথাৰ লগতে ডিজিটেল মাধ্যমেৰে দাঙি ধৰে জয়ন্ত কুমাৰ ডেকাৰ লগতে সুদীপ্ত গগৈয়ে । আৰু একক বিহু নৃত্যৰে ভাষাৰ সৈতে থকা সংস্কৃতিৰ সমন্বয়ক ফুটাই তোলে ভায়োলীনা সোণোৱালে ।

লটাৰী খেলৰ স্থান
লটাৰী খেলৰ স্থান

ব্যতিক্ৰমী প্ৰয়াসৰ লগতে ফাউণ্ডেচনটোৱে অহামাহৰ পৰা এবছৰলৈ অসমৰ ভিন্ন প্ৰান্তৰ এশগৰাকী মানুহলৈ মাহেকীয়া আলোচনী 'সাতসৰী' আৰু 'গৰীয়সী'ক ল'টাৰীৰ মাধ্যমেৰে লৈ যোৱাৰ চেষ্টা কৰিছে৷ ফাউণ্ডেচনৰ এই প্ৰয়াসক 'অসমীয়া প্ৰতিদিন', 'আসাম ত্ৰিবিউন গোষ্ঠী' আৰু 'প্ৰাগ পৰিয়াল'ৰ তৰফৰ পৰাও ধন্যবাদ জ্ঞাপন কৰে৷

ল’টাৰী
"প্ৰিপেইড ডিজিটেল মিটাৰ" স্থাপন কৰিলে অধিক বিদ্যুতৰ বিল হ'ব নেকি?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in