"প্ৰিপেইড ডিজিটেল মিটাৰ" স্থাপন কৰিলে অধিক বিদ্যুতৰ বিল হ'ব নেকি?

দেশৰ বহু ৰাজ্যত স্মাৰ্ট প্ৰিপেইড মিটাৰ বহুল প্ৰচলন আৰম্ভ হৈছে । শেহতীয়াকৈ অসমৰ শক্তি বিভাগেও এই সেৱা ৰাজ্যবাসীক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । পিছে এই সেৱা কিদৰে লাভ কৰিব পাৰি নাইবা এই সেৱাৰ লাভালাভৰ বিষয়ে বৰ্তমানেও অজ্ঞাত বহুলোক
স্মাৰ্ট প্ৰিপেইড মিটাৰ
স্মাৰ্ট প্ৰিপেইড মিটাৰ

ডিজিটেল ডেস্কঃ দেশৰ বহু ৰাজ্যত স্মাৰ্ট প্ৰিপেইড মিটাৰ বহুল প্ৰচলন আৰম্ভ হৈছে । শেহতীয়াকৈ অসমৰ শক্তি বিভাগেও এই সেৱা ৰাজ্যবাসীক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । পিছে এই সেৱা কিদৰে লাভ কৰিব পাৰি নাইবা এই সেৱাৰ লাভালাভৰ বিষয়ে বৰ্তমানেও অজ্ঞাত বহুলোক ।

স্মাৰ্ট প্ৰি পেইড মিটাৰ দ্বাৰা গ্ৰাহকে যিদৰে মোবাইল ৰিচাৰ্জ কৰাৰ পিছতেহে সেৱা লাভ কৰে ঠিক তেনেদৰে পূৰ্বেই বিদ্যুৎৰ বিল ৰিচাৰ্জ কৰিলেহে এই স্বিমাটৰ মিটাৰৰ জৰিয়তে বিদ্যুৎ সেৱা লাভ কৰিব । অন্যথা সেৱা কৰ্তন কৰি দিয়া হ’ব ।

এই সেৱা ইতিমধ্যেই অসমতো আৰম্ভণি হৈছে । এপিডিচিএলে ২০২১ চনৰ পৰাই কাৰ্যকৰী কৰিছে । বিদ্যুৎ নিয়ামক আয়োগৰ (এইআৰচি) অনুমোদনমৰ্মে ১ জানুৱাৰী ২০২৩ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ সকলো এলটি স্মাৰ্ট পোষ্টপেইড সংযোগক স্মাৰ্ট প্ৰিপেইড সংযোগলৈ ৰূপান্তৰ কৰা আৰম্ভ কৰিছে ।

পিছে এই স্মাৰ্চ মিটাৰ ব্যৱহাৰৰ লাভালাভ বৰ্তমানেও বুজি উঠা নাই জণসাধাৰণে । এনে মিটাৰ ঘৰত সংযোগ স্থাপন কৰাৰ ফলত অপ্ৰয়োজনীয়ভাবে বিদ্যুৎ ব্যৱহাৰৰ কৰাৰ পৰা বিৰত থাকিব সাধাৰণ ৰাইজ । যাৰ ফলত ৰাহি হ’ব বিদ্যুতৰ ।

এই স্মাৰ্ট মিটাৰ ব্যৱহাৰকাৰীৰ ফলত ব্যৱহাৰকাৰীয়ে লাভ কৰা সুবিধাসমূহ হৈছে স্মাৰ্ট মিটাৰৰ গৰাকীয়ে যিমান খৰছ কৰিব সিমানহে বিদ্যুতৰ মাচুল ভৰিব লাগিব । জনসাধাৰণে মাহিলী বিলৰ বাবে অপেক্ষা কৰিব নালাগে। কোনোধৰণৰ অতিৰিক্ত মাচুল ব্যয় কৰিব নালাগে। মেনুৱেল হস্তক্ষেপ অবিহনে স্বয়ংক্ৰিয় মিটাৰ ৰিডিঙৰ জৰিয়তে সঠিক বিল লাভ কৰিব ।

প্ৰতিদিনে মোবাইল এপৰ সৈতে বিদ্যুতৰ ব্যৱহাৰ কিমান কৰিছে আৰু শক্তি বিভাগে বিদ্যুৎ কৰ্তন কৰিবলৈ কিমান ধণ জমা হৈ আছে সেয়াও মোবাইলৰ জৰিয়তে নিৰীক্ষণ কৰিব পাৰিব ।

গ্ৰাহকে মাই বিজুলী মোবাইল এপৰ এছএমএছৰ জৰিয়তে কম প্ৰিপেইড বেলেন্সৰ অধিসূচনা লাভ কৰিব । ব্যৱহাৰকীয়ে BAL<space>< গ্ৰাহকৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰ> লিখি ৮৪২৪৮৮২৪৮৮ নম্বৰলৈ এছএমএছ প্ৰেৰণ কৰি আপোনাৰ বিদ্যুৎ বিল পৰীক্ষা কৰিব পাৰিব ।

পিছে আপুনি আপোনাৰ ঘৰত প্ৰিপেইড স্মাৰ্ট মিটাৰ সংযোগ কেনেকৈ কৰিব

১. পোষ্টপেইডৰ পৰা প্ৰিপেইডলৈ সলনি কৰাৰ সময়ত, ছিষ্টেমে যোৱা মাহৰ ব্যৱহাৰৰ ওপৰত আধাৰ কৰি গ্ৰাহকৰ বিপৰীতে বকেয়া পৰিমাণ গণনা কৰে ।

২. লোড সুৰক্ষা/ আগতীয়া পৰিশোধ, যদিহে থাকে, চূড়ান্ত বকেয়া পৰিমাণ (এফ.ও.এ.) গণনা কৰিবলৈ বকেয়া পৰিমাণৰ সৈতে মিলাই লোৱা হয়।

৩. গ্ৰাহকসকলক কিছু সকাহ দিবলৈ, যোৱা ৩ মাহৰ ব্যৱহাৰৰ ওপৰত আধাৰিত কৰি গড় মাহিলী বিলৰ ২৫% ৩০% কাৰকৰ দ্বাৰা ভাগ কৰি দৈনিক কিস্তিৰ পৰিমাণ (ডিআইএ) গণনা কৰা হয়।

৪ স্মাৰ্ট প্ৰিপেইড গ্ৰাহকসকলক বিদ্যুৎৰ বিল তেওঁলোকৰ দৈনিক ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি প্ৰদান কৰা হয়

৫ যদি এফ.অ.এ সক্ৰিয় হৈ থাকে তেনেহলে দৈনিক ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি প্ৰিপেইড বেলেন্সৰ পৰা ডি.আই.এ. কৰ্তন কৰা হয়।

6. যদি এফ.অ.এ. নিষ্কীয় হৈ থাকে হয়, দৈনিক আধাৰত প্ৰিপেইড বেলেন্সত ডি.আই.এ. যোগ দিয়া হয়।

7. উপভোক্তাই এফ.ও.এ.এ.টি.-ক www.apdcl.org জৰিয়তে বা এ.পি.ডি.চি.এল. বিল পৰিশোধ কৰিব পাৰে।

8. গ্ৰাহকসকলক তেওঁলোকৰ পঞ্জীভুক্ত মোবাইল নম্বৰত বকেয়া পৰিমাণ, দৈনিক কিস্তিৰ পৰিমাণ (ডিআইএ) আদিৰ বিষয়ে এছ.এম.এছ. জৰিয়তে অৱগত কৰা হয়।

স্মাৰ্ট প্ৰিপেইড মিটাৰ
অমিত শ্বাহৰ অৰুণাচল ভ্ৰমণৰ বিৰোধিতা চীনৰঃ ক'লে,এয়া সাৰ্বভৌমত্বৰ উলংঘন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in