এক্সেল পাব্লিক স্কুলৰ বিশ্ব জলাশয় দিৱস উদযাপন...

“এক্সেল গ্ৰীণ ৱাৰিয়’ৰে পৰিষ্কাৰ কৰে দীপৰ বিলৰ পাৰ

author-image
Asomiya Pratidin
New Update
এক্সেল পাব্লিক স্কুলৰ বিশ্ব জলাশয় দিৱস উদযাপন...

এক্সেল পাব্লিক স্কুলৰ বিশ্ব জলাশয় দিৱস উদযাপন...

ডিজিটেল সংবাদ গুৱাহাটীঃ সমগ্র দেশৰ লগতে গুৱাহাটীৰ আগশাৰীৰ শিক্ষানুষ্ঠান এক্সেল পাব্লিক স্কুলতো ২ ফেব্ৰুৱাৰীত বিশ্ব জলাশয় দিৱস উদযাপন কৰা হয়। জৈৱ বৈচিত্র্যৰ যকৃৎ সদৃশ জলাশয়সমূহ সংৰক্ষণৰ ক্ষেত্ৰত বিদ্যালয়খনৰ সেউজ সংগঠন “এক্সেল গ্ৰীণ ৱাৰিয়’ৰ”ৰ উদ্যোগত এই দিৱস দিনজোৰা কার্যসূচীৰে উদযাপন কৰা হয়।

Advertisment

উক্ত দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ সেউজ যোদ্ধাসকলে অসমৰ এটা বৃহৎ জলাশয় দীপৰ বিললৈ যাত্ৰা আৰম্ভ কৰে। তেওঁলোকে স্বচ্ছ অভিযানত অংশ গ্রহণ কৰে আৰু দীপৰ বিলৰ পাৰ পৰিষ্কাৰ কৰাৰ লগতে দীপৰ বিলৰ পার্শ্বৱৰ্তী অঞ্চলৰ জৈৱ বৈচিত্র্যৰ প্রয়োজনীয়তা উপলব্ধি কৰি পৰিবেশ আৰু জলাশয় সংৰক্ষণৰ ক্ষেত্ৰত অঞ্চলটোত বিভিন্ন বেনাৰ-পোষ্টাৰ আৰু শ্ল’গানৰ দ্বাৰা সজাগতা সৃষ্টিৰ প্রয়াস কৰে।

ভাৰত চৰকাৰৰ পৰিবেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্রণালয়ৰ “ জলাশয় সংৰক্ষণ অভিযান ২০২৪”ৰ অংশ স্বৰূপে এক্সেল পাব্লিক স্কুলৰ সেউজ সংগঠন “ এক্সেল গ্ৰীণ ৱাৰিয়’ৰেএই পদক্ষেপ গ্রহণ কৰিছে। মাহজোৰা কার্যসূচীৰে ভাৰতৰ প্রধানমন্ত্রীৰ পৃষ্ঠপোষকতাত চলি থকা জলাশয় সংৰক্ষণৰ এই অভিযানৰ প্রতি সন্মান আৰু আস্থা প্রকাশ কৰি পৰিবেশৰ প্রতি সচেতন উক্ত সংগঠনৰ সদস্যসকলে জলাশয়সমূহৰ সুৰক্ষা আৰু সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিভিন্ন কাৰ্যসূচী গ্রহণ কৰে৷

ক্ষেত্র ভ্ৰমণৰ পূর্বে বিদ্যালয়ৰ পুৱাৰ প্ৰাৰ্থনা সভা “বিশ্ব জলাশয় দিৱস” ৰ বাবে উৎসর্গিত কৰি অনুষ্ঠিত কৰা হয়। অতি গুৰুত্বপূর্ণ আমাৰ পৰিবেশ তন্ত্রসমূহ সুৰক্ষিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰি ছাত্র - ছাত্রীসকলে বক্তব্য দাঙি ধৰে। ইয়াৰ পিছতে বিদ্যালয়ৰ প্ৰায় ১২০০ ছাত্র- ছাত্ৰীয়ে “জলাশয় মিত্র প্রতিশ্রুতি” গ্রহণ কৰাত সক্রিয়ভাবে অংশ গ্রহণ কৰে আৰু “ জলাশয় সুৰক্ষা অভিযান”ৰ প্রতি তেওঁলোকৰ দায়বদ্ধতা আৰু আস্থা প্ৰদৰ্শন কৰে।

বিদ্যালয়খনৰ সেউজ সংগঠনটিৰ এই পদক্ষেপে প্রকৃতি আৰু পৰিবেশ সংৰক্ষণৰ প্রতি তেওঁলোকৰ নিষ্ঠা আৰু সততাক প্রতিফলিত কৰাৰ লগতে জনগণৰ মাজত সজাগতাৰ সৃষ্টি কৰাত অৰিহণা আগবঢ়াইছে। ভাৰত চৰকাৰৰ পৰিবেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্রণালয়ে বিদ্যালয়খনৰ পৰিবেশ সংৰক্ষণৰ প্রতি থকা দায়বদ্ধতাৰ শলাগ লয়। বিদ্যালয়খনৰ এই পদক্ষেপে আমাৰ প্ৰাকৃতিক সম্পদ সমূহৰ সুৰক্ষা আৰু সংৰক্ষণৰ প্রতি নতুন প্রজন্মক উৎসাহিত কৰি তুলিব।

Also Read: টাই পণ্ডিত, মুক্তিযোদ্ধা ভোলা সন্দিকৈ আৰু নাই...

বিশ্ব জলাশয় দিৱস