টাই পণ্ডিত, মুক্তিযোদ্ধা ভোলা সন্দিকৈ আৰু নাই...

গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু
টাই পণ্ডিত, মুক্তিযোদ্ধা ভোলা সন্দিকৈ আৰু নাই...
টাই পণ্ডিত, মুক্তিযোদ্ধা ভোলা সন্দিকৈ আৰু নাই...

ডিজিটেল সংবাদ গোলাঘাটঃ এগৰাকী বিশিষ্ট টাই পণ্ডিত তথা পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি, গোলাঘাট জিলা মুক্তি যোদ্ধা সন্মিলনীৰ ভাৰপ্ৰাপ্ত সভাপতি, গোলাঘাট জিলাৰ অন্যান্য পিছপৰা শ্ৰেণী সন্মিলনীৰ প্ৰতিস্থাপক তথা গোলাঘাট জিলাৰ আহোম সংগঠনসমূহৰ অভিভাৱকস্বৰূপ ভোলা সন্দিকৈৰ পুৱতি নিশা ৩-২৫ বজাত গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ। সন্দিকৈৰ মৃত্যুত সমগ্ৰ গোলাঘাটতে গভীৰ শোকৰ ছাঁ পৰে। মৃত্যৰ সময়ত তেওঁ তিনিজন পুত্ৰ, দুগৰাকী বোৱাৰী, দুগৰাকী জীয়ৰী জোঁৱাইসহ নাতি-নাতিনী আৰু আত্মীয় স্বজনক ইহসংসাৰত এৰি গৈছে।

তেওঁৰ মৃত্যুত গোলাঘাট জিলা পূৰ্বাঞ্চল টাই সাহিত্য সভা, গোলাঘাট জিলা আহোম সভা, গোলাঘাট জিলা মুক্তি যুঁজাৰু সন্মিলন, গোলাঘাট পয় ফুৰালুং সংঘ, সদৌ টাই আহোম ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতি, টাইপা গোলাঘাট জিলা সমিতি, গোলাঘাট জিলা সাংবাদিক সংস্থা, গোলাঘাট জিলা অন্যান্য পিছপৰা শ্ৰেণী সন্মিলনীয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

টাই পণ্ডিত, মুক্তিযোদ্ধা ভোলা সন্দিকৈ আৰু নাই...
দ্বাপৰ নহয়, কলি যুগত কোনে ব্যৱহাৰ কৰিছে এই অস্ত্ৰ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in