অসম পৰ্বতাৰোহণ সন্থাৰ কাঞ্চনজংঘা অভিযান : ৰাষ্ট্ৰপতিৰ ফ্লেগ অফ্...

অসম পৰ্বতাৰোহণ সন্থাৰ কাঞ্চনজংঘা অভিযানৰ ফ্লেগ অফ্ কৰি শুভাৰম্ভ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ
অসম পৰ্বতাৰোহণ সন্থাৰ কাঞ্চনজংঘা অভিযান : ৰাষ্ট্ৰপতিৰ ফ্লেগ অফ্...

ডিজিটেল সংবাদ, গুৱাহাটী: মাউণ্ট এভাৰেষ্টৰ সফল অভিযানৰ পাছত বিশ্বৰ তৃতীয় সৰ্বোচ্চ শৃংগ মাউণ্ট কাঞ্চনজংঘালৈ অসম পৰ্ৱতাৰোহণ সন্থাই আয়োজন কৰা অভিযানৰ ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে ৷ অসম ভ্ৰমণলৈ অহা দেশৰ ৰাষ্ট্ৰপতি গৰাকীয়ে শুকুৰবাৰে কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত এক অনুষ্ঠানত ‘মাউণ্ট কাঞ্চনজংঘা অভিযান - ২০২৩’ৰ ফ্লেগ অফ্ কৰে।

তদুপৰি অভিযানটোৰ দলপতি মানস বৰুৱাৰ হাতত ৰাষ্ট্ৰীয় পতাকা, আইচ্ এক্স আৰু অভিযানৰ পতাকা অৰ্পন কৰে ৷ ফ্লেগ অফ্ কৰি ৰাষ্ট্ৰপতি মূৰ্মুৱে কাঞ্চনজংঘাৰ অপৰূপ সৌন্দৰ্য্য বৰ্ণনা কৰি পুৱাৰ সূৰ্যৰ কিৰণত বৰফাবৃত শিখৰে অপূৰ্ব ৰূপ ধাৰণ কৰাৰ কথা প্ৰকাশ কৰে। তেওঁ অসমৰ পৰা কাঞ্চনজংঘা অভিযানৰ দৰে বৃহৎ অভিযানৰ পৰিকল্পনা কৰাৰ বাবে আনন্দ প্ৰকাশ কৰি অভিযানটোৰ সফলতাৰ বাবে শুভেচ্ছা আৰু আশীৰ্বাদ প্ৰদান কৰে।

অনুষ্ঠানত অসমৰ ৰাজ্যপাল গুলাৱ চান্দ কাটাৰীয়া আৰু মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি ৰাজ্য চৰকাৰ আৰু ৰাষ্ট্ৰপতি সচিবালয়ৰ বহুসংখ্যক বিষয়া, অসম পৰ্ৱতাৰোহণ সন্থাৰ মাউণ্ট কাঞ্চনজংঘা অভিযান-২০২৩ৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷ অনুষ্ঠানৰ আৰম্ভণিতে এই অভিযানৰ ‘চীফ দ্য মিছন’ৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰপতিগৰাকীক ফুলাম গামোচাৰে আদৰণি জনায় ৷

অভিযানৰ মুখ্য আহ্বায়ক সত্যেন শৰ্মাই ৰাষ্ট্ৰপতিগৰাকীৰ হাতত অভিযানৰ স্মাৰক প্ৰদান কৰে। আনহাতে অভিযান উপলক্ষে প্ৰকাশ কৰা স্মৰণিকা ৰাষ্ট্ৰপতিগৰাকীৰ হাতত তুলি দিয়ে অসম পৰ্ৱতাৰোহণ সন্থাৰ সভাপতি ডাঃ দেৱেন্দ্ৰ নাথ মহন্তই৷ প্ৰণিধানযোগ্য যে উত্তৰ পূৰ্ৱাঞ্চলৰপৰা এইটোৱেই প্ৰথম এককভাৱে আয়োজন কৰা মাউণ্ট কাঞ্চনজংঘাৰ বৃহৎ অভিযান ।

উল্লেখযোগ্য যে, ২০১৫ বৰ্ষত নেপালত সংঘটিত প্ৰলয়ংকৰী ভূমিকম্পৰ বাবে বেছ কেম্পৰপৰা ঘূৰি আহিবলৈ বাধ্য হোৱাৰ পাছত ২০১৬ বৰ্ষত অসম পৰ্ৱতাৰোহণ সন্থাই এককভাৱে মাউণ্ট এভাৰেষ্ট (৮৮৪৮ মিটাৰ) অভিযান সফলতাৰে সম্পূৰ্ণ কৰিছিল ৷ ২০২০ বৰ্ষত সন্থাই চীনৰ দিশেৰে (উত্তৰ দিশত) পুনৰ এভাৰেষ্ট অভিযানৰ পৰিকল্পনা কৰিছিল ৷ কিন্তু বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা কভিড পৰিস্থিতিৰ বাবে চীনৰ চৰকাৰে এই অভিযানত বাধা আৰোপ কৰে ৷ তাৰ পাছতে সন্থাই এভাৰেষ্ট অভিযানৰ পৰিকল্পনা ত্যাগ কৰি বিশ্বৰ তৃতীয় সৰ্বোচ্চ শৃংগ কাঞ্চনজংঘা (৮৫৮৬ মিটাৰ) অভিযানৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

উল্লেখযোগ্য যে মাউণ্ট কাঞ্চনজংঘা আৰোহণৰ বাবে উত্তৰ পূৰ্ৱাঞ্চলৰপৰা প্ৰথমটো বৃহৎ প্ৰচেষ্টা হিচাপে পৰিগণিত হোৱা এই অভিযানৰ সম্পূৰ্ণ ব্যয় ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ জৰিয়তে অসম চৰকাৰে বহন কৰিছে ৷ কাঞ্চনজংঘা অভিযান অত্যন্ত কঠিন হিচাপে জনাজাত আৰু এই শৃংগ আৰোহণৰ সফলতাৰ হাৰ কেৱল এক তৃতীয়াংশ ৷ আনহাতে অভিযানৰ সময়ত ইয়াত মৃত্যুৰ হাৰ মাউণ্ট এভাৰেষ্টতকৈ দুগুণ ৷ অসম পৰ্ৱতাৰোহণ সন্থাৰ দলটােৱে কাঞ্চনজংঘা অভিযানৰ প্ৰস্তুতিৰ বাবে ইতিমধ্যে লাডাখৰপৰা অৰুণাচল প্ৰদেশলৈ হিমালয়ৰ বুকুত বহুকেইটা অভিযান চলাইছিল।

কাঞ্চনজংঘা অভিযানকাৰী দলটোত সাতজন সদস্য আছে৷ দলটোৰ নেতৃত্ব বহন কৰিছে ৰাজ্যৰ অন্যতম অভিজ্ঞ পৰ্ৱতাৰোহণকাৰী মানস বৰুৱাই৷ তেওঁ ২০১৫ আৰু ২০১৬ বৰ্ষত অসমৰপৰা উলিওৱা এভাৰেষ্ট অভিযান দুটাৰো নেতৃত্ব বহন কৰিছিল৷ উপ দলনেতাৰ লগতে চিকিৎসা বিষয়াৰ দায়িত্বত আছে ৰাজ্যৰ অন্যতম অভিজ্ঞ পৰ্ৱতাৰোহণকাৰী তথা তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ সহযোগী অধ্যাপক ডাঃ জগদীশ বসুমতাৰী৷ দলটোৰ অন্য সদস্যসকল হ’ল উপেন চক্ৰৱৰ্তী (যুটীয়া উপ দলনেতা), কৌশিক দাস, ভাস্কৰ বৰুৱা, জয়ন্ত নাথ আৰু শেখৰ বৰদলৈ ৷

দলটোৱে অহা ১১ এপ্ৰিলত গুৱাহাটীৰপৰা ৰে’লযোগে যাত্ৰা আৰম্ভ কৰিব৷ আনহাতে শিলিগুৰিৰপৰা কাকৰভিটা হৈ গাড়ীৰে নেপালৰ তাপ্লেজুঙত উপস্থিত হ’ব৷ তাৰপৰা তেওঁলোকে হিমালয়ৰ ৫২০০ মিটাৰ উচ্চতাত অৱস্থিত বেছ কেম্পলৈ ট্ৰেকিং কৰিব৷ দলটো অহা ২০ এপ্ৰিলত বেছ কেম্পত উপস্থিত হ’ব৷ বেছ কেম্পৰপৰা ছামিট কেম্পলৈ চাৰিটা কেম্প অতিক্ৰম কৰাৰ পাছত দলটোৱে অহা ১৩–১৮ মে’ৰ ভিতৰত শিখৰ আৰোহণৰ চূড়ান্ত প্ৰচেষ্টা চলাব।

অসম পৰ্বতাৰোহণ সন্থাৰ কাঞ্চনজংঘা অভিযান : ৰাষ্ট্ৰপতিৰ ফ্লেগ অফ্...
ন্যায়! ধূলিৰ মাজত আৱদ্ধ লাখ লাখ মানুহৰ আৰ্তনাদ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in