ন্যায়! ধূলিৰ মাজত আৱদ্ধ লাখ লাখ মানুহৰ আৰ্তনাদ...

ধূলি লাগি বন্ধ হোৱাৰ উপক্ৰম হোৱা ফাইলবোৰৰ খোল খাওঁক। সেই ফাইলবোৰৰ আঁৰত ন্যায়ৰ বাবে চিঞৰি থকা লোকসকলৰ বাবে সাহস হৈ উঠক ন্যায়পালিকা।
ন্যায়! ধূলিৰ মাজত আৱদ্ধ লাখ লাখ মানুহৰ আৰ্তনাদ...

বৰষা শৰ্মা

দেশৰ গণতন্ত্ৰৰ চাৰিটা স্তম্ভৰ ভিতৰত ন্যায়পালিকাও অন্যতম। প্ৰত্যোক গণতান্ত্ৰিক ৰাষ্ট্ৰৰে বিচাৰ বিভাগৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। ন্যায়পালিকা বুলি ক'লে আমি উচ্চতম ন্য়ায়ালয়, উচ্চ ন্যায়ালয় আৰু অধঃস্তন ন্যায়ালয়ক বুজো।

দেশৰ সৰ্বোচ্চ ন্যায়ালয় অৰ্থাৎ উচ্চতম ন্যয়ালয়ৰ ৰায় সমগ্ৰে দেশতে কাৰ্যকাৰী কৰা হয়। আনহাতে এখন উচ্চ ন্যায়ালয়ৰ ৰায় এখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত ৰাজ্যক লৈ কৰা হয়। সংবিধানৰ ২১৪ নং অনুচ্ছেদ অনুসৰি প্ৰত্যোক ৰাজ্যৰে একোখনকৈ উচ্চ ন্য়ায়ালয় থাকিব লাগে যদিও সংসদে আইন গৃহীত কৰি দুখন বা ততাকৈ অধিক ৰাজ্য লগ লগাইও উচ্চ ন্য়ায়ালয় গঠন কৰিব পাৰে।

দেশৰ সংবিধানৰ অনুচ্ছেদ ২১৪ৰ পৰা ২৩১ ৰ ভিতৰত উচ্চ ন্যায়ালয়ৰ বিষয়ে বাখ্যা কৰা আছে। এখন ৰাজ্যৰ সৰ্বোচ্চ ন্যায়িক আদালত হৈছে উচ্চ ন্যায়ালয়য। বৰ্তমান, ভাৰতৰ বিভিন্ন ৰাজ্যত ২৫ খন উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছে।

ভাৰতীয় সংবিধানত উচ্চতম ন্যায়ালয়ৰ ক্ষমতা আৰু কাৰ্যৱলী যিদৰে বিতংভাৱে বৰ্ণনা কৰিছে তেনেদৰে উচ্চ ন্যায়ালয়ৰ বিষয়ে বৰ্ণণা কৰা নাই। সংবিধানত কোৱা হৈছে যে সংবিধান প্ৰৱৰ্তিত হোৱাৰ আগতে যি ক্ষমতা লাভ কৰিছিল পাছতো উচ্চ ন্যায়ালয় সমূহে একে ক্ষমতা ভোগ কৰিব । কিন্তু সংবিধানৰ সীমাৰেখাৰ ভিতৰত থাকিহে কাৰ্য সম্পাদনা কৰিব পাৰিব।

আমাৰ অসমতো আছে গুৱাহাটী উচ্চ ন্যায়ালয়। ভাৰত চৰকাৰৰ অধিনিয়ম ১৯৩৫ বলবৎ হোৱাৰ পাছত ১৯৪৮ চনত প্ৰতিষ্ঠা হৈছিল অসমৰ সৰ্বোচ্চ ন্যায়ালয়। পূৰ্বে ইয়াক অসম আৰু নাগালণ্ডৰ উচ্চ ন্যায়ালয় নামেৰে জনা গৈছিল। ১৯৭১ চনত উত্তৰ পূৱ এলেকা(পূৰ্ণ গঠন) অধিনিয়ম ১৯৭১ ৰ অধীনত ইয়াক গুৱাহাটী উচ্চ ন্যায়ালয় হিচাপে নামাকৰণ কৰা হৈছিল।

১৯৪৮ চনৰ ৫ এপ্ৰিলত ভাৰতৰ মুখ্য ন্যায়ধীশ হৰিলাল কানিয়াই ইয়াক উদ্বোধন কৰে। উক্ত দিনতোতেই ছাৰ ৰণাল্ড ফ্ৰাঞ্চিছ লজক অসম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। ২০২৩ বৰ্ষত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৭৫ বছৰ সম্পূৰ্ণ হ'ল। অতি ধুম ধামেৰে উচ্চ ন্যায়ালয়ত পালন কৰা হৈছে মহাৰজত জয়ন্তী।

মহাৰজত জয়ন্তী উপলক্ষে অনুষ্ঠিত বিভিন্ন অনুষ্ঠানত উপস্থিত থাকে দেশৰ কেইবাগৰাকী মন্ত্ৰী, ন্যায়ধীশ আদি। ৭ এপ্ৰিলত এই মহাৰজত জয়ন্তীৰ অনুষ্ঠানত আৱেলি ৪.৩০ বজাত অংশ ল'ব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূয়ে। উপস্থিত থাকিব উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ ডি ৱাই চন্দ্ৰচূড় । প্ৰায়বোৰ অনুষ্ঠানতে উপস্থিত আছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ সন্দীপ মেহতা।

কিন্তু এই ৭৫ বছৰত গুৱাহাটী উচ্চ ন্যায়ালয়ত জমা হৈছে এটাৰ পাছত আছে গোচৰ । বন্ধ ফাইলৰ মাজতে ন্যয়ৰ অপেক্ষা কৰিছে লাখ লাখ লোকে। হয়তো এতিয়া সেই ফাইলত বন্ধ হৈ থকা একাংশ এই পৃথিৱীতে নাই।

তথ্য অনুসৰি সমগ্ৰ ৰাজ্যতে অমীমাংসিত হৈ আছে ৪ লাখ ৫৮ হাজাৰ ৫৯ টা গোচৰ। সৰ্বাধিক গোচৰ অমীমাংসিত হৈ আছে কামৰূপ জিলাত। এই তথ্য দাঙি ধৰিছে আইন মন্ত্ৰী কিৰন ৰিজিজুয়ে।

এই তথ্য ফাদিলৰ পাছতেই যেন প্ৰশ্ন উঠিছে 'ন্যায় এদিন পাবই' বাক্যশাৰীৰ ওপৰত। নুঠিবই বা কিয়? এটা অপৰাধৰ বাবে সুখৰ সংসাৰ ভাঙি থান বান হয়, কাৰোবাৰ জীৱন ধ্বংস হৈ যায়। ব'ব নোৱাৰা বোজা এটা হৃদয়ত লৈ ন্যায়ৰ অপেক্ষা কৰে ভুক্তভোগীয়ে। তেনে ক্ষেত্ৰত ৰাজপথত অতি মুকলিকৈ ঘূৰি ফুৰে অভিযুক্ত।

মন্ত্ৰী গৰাকীৰ তথ্য অনুসৰি কামৰূপ মহানগৰ জিলা আদালতত অসীমাংসিত হৈ আছে ১ লাখ ৬ হাজাৰ ৮৫০ টা গোচৰ। গুৱাহাটীৰ পাছতে আছে নগাঁও, ধুবুৰী, কাছাৰ জিলা। নগাঁৱত অমীমাংসিত গোচৰৰ সংখ্যা ৩১,১০১টা, ধুবুৰীত ৩০ হাজাৰ, কাছাৰত ২৮ হাজাৰ আৰু মাজুলীত সৰ্বনিম্ন ৯৮২ টা গোচৰ অমীমাংসিত হৈ আছে। ইয়াৰ ভিতৰত বিগত বৰ্ষৰ ১১ ছেপ্টেম্বৰৰ কেবিনেটৰ সিদ্ধান্ত মৰ্মে ৩ বছৰৰ কম শাস্তিৰ বিশেষ গোচৰ উঠাই লব চৰকাৰে। যাৰ বাবে হ্ৰাস পাব ১ লাখ গোচৰ।

এতিয়া প্ৰশ্ন হয়, কেতিয়া নিষ্পত্তি হ'ব ইমান গোচৰ? মানুহে কেৱল অপেক্ষা কৰি আছে বছৰ বছৰ ধৰি। কেতিয়াবা এবছৰ, কেতিয়াবা বছৰ বছৰ ধৰি মানুহে কেৱল আশা কৰিছে যে ন্যায় পাব।

কিন্তু কিমান দিনলৈ এই অপেক্ষা? কিমান দিনলৈ অপৰাধী ঘূৰিব মুক্ত মনে? ভাৰতৰ ন্যায় ব্যৱস্থা লেহেমীয়া বুলি কোৱা সকলক ন্যায়ালয়ে দিব পাৰিবনে উত্তৰ?

মানুহে বিশ্বাস কৰিব কাক? ন্য়য়াপালিকাকো কেতিয়াবা একাংশ ক্ষমতালোভী মানুহে অপব্যৱহাৰ কৰাৰ চেষ্টা কৰে। গুজৰাটৰ ২০০২ কাণ্ডৰ বিলকিছ বিনো এতিয়াও ন্যায়ৰ অপেক্ষাত। বিলকিছক দলবদ্ধ ধৰ্ষণ কৰাৰ লগতে তেওঁৰ পৰিয়ালৰ কেইবাজনো সদস্যক অতি নৃসংশভাৱে হত্যা কৰা হৈছিল।

এয়া মাত্ৰ সামান্য উদাহৰণ। অসমতো লাখা লাখ মানুহে ন্যায়ৰ বাবে আশা কৰি আছে। হয়তো কিছুমানে আশা এৰি দিছে। ইয়াৰ বাবে হয়তো কিছু সংশোধনৰ প্ৰয়োজন। ন্য়ায়ধীশ বৃদ্ধি কৰাৰ সমস্যাকে ধৰি বিভিন্ন সমস্যা সমূহ তাৰ বাবে সমাধান হোৱা প্ৰয়োজন।

এটা কথা সঁচা, এতিয়াও ন্যয়াপালিকাৰ ওপৰত বিশ্বাস আছে বহু জনতাৰ। আশা মাঁথো এটাই বাকী থকা গোচৰ সমূহ নিষ্পত্তি হওক। হাজাৰ জনৰ চকুপানী সোমাই থকা সেই ফাইলৰ দ'মবোৰ কমি আহক। সেই ফাইলবোৰৰ ভিতৰতেই আৱদ্ধ হৈ আছে হাজাৰ জনৰ জীৱনৰ এক বিষাদভৰা কাহিনী,লগতে তাতেই আছে ন্যয়পালিকাৰ ওপৰত থকা মানুহৰ আস্থা,

ধূলি লাগি বন্ধ হোৱাৰ উপক্ৰম হোৱা ফাইলবোৰৰ খোল খাওঁক। সেই ফাইলবোৰৰ আঁৰত ন্যায়ৰ বাবে চিঞৰি থকা লোকসকলৰ বাবে সাহস হৈ উঠক ন্যায়পালিকা। আৰু এনে দিন আহক য'ত ন্য়ায়ৰ বাবে হাবাথুৰি খাব নালাগে জনতাই। কেৱল অপেক্ষা নকৰি ন্যায়ালয়ৰ ভৰষা কৰিব জনতাই যে চকু মেলি চাব আৰু এদিন সকলো ভাল হ'ব...

ন্যায়! ধূলিৰ মাজত আৱদ্ধ লাখ লাখ মানুহৰ আৰ্তনাদ...
হে নেতা! কিয় ডিঙি চেপি ধৰা...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in