অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ দেৱাল নিৰ্মাণত কোনে দিছে বাধা? নীৰৱ হৈ আছে প্ৰশাসন...

অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ দেৱাল নিৰ্মাণত কোনে দিছে বাধা? নীৰৱ হৈ আছে প্ৰশাসন...
অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ দেৱাল নিৰ্মাণত কোনে দিছে বাধা? নীৰৱ হৈ আছে প্ৰশাসন...

ডিজিটেল ডেস্কঃ ভয়াৱহ দুৰ্ঘটনাত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭ জনকৈ ছাত্ৰৰ কৰুণ মৃত্যুৱে বিভিন্ন দিশ উন্মোচিত কৰিছে। বিশেষকৈ মহাবিদ্যালয়খনৰ সুৰক্ষা ব্যৱস্থাক লৈ উত্থাপন হৈছে প্ৰশ্ন।

আজিও এই অভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ চাৰি সীমাত নাই দেৱাল। উদং মহাবিদ্যালয়ৰ চৌপাশ। কেৱল সেয়াই নহয় বিভিন্ন সময়ত মহাবিদ্য়ালয়খনৰ ভূমিও বেদখল হৈ আহিছে। বেদখলকাৰীৰ কৱলত আছে মহাবিদ্যালয়খনৰ ভূমি। যাৰ বাবে অভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ সুৰক্ষাৰ দিশটোক লৈও বাৰে বাৰে প্ৰশ্ন উত্থাপিত হৈ আহিছে।

মহাবিদ্যালয়খনৰ চৌহদৰ ভিতৰতে থকা লোকসকলে মহাবিদ্যালয়খনৰ দেৱাল নিৰ্মাণৰ ক্ষেত্ৰত পূৰ্বৰে পৰা দি আহিছে বাধা। এই লোকসকলৰ বাধাৰ বাবেই আজিও মহাবিদ্যালয়খনত সম্পূৰ্ণ হোৱা নাই সীমাৰ দেৱাল নিৰ্মাণ আৰু প্ৰৱেশ পথৰ স্থায়ী গেট নিৰ্মাণ। যাৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষই অস্থায়ী গেট নিৰ্মাণ কৰিয়েই সুৰক্ষাৰ বাবে চেষ্টা চলাইছে যদিও ব্যৰ্থ হৈছে।

মহাবিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা এই বিষয়ে সংশ্লিষ্ট বিভাগক অৱগত কৰা হৈছে যদিও আজিও সুফল লাভ কৰা নাই। মহাবিদ্যালয়খনৰ সীমাৰ দেৱাল নিৰ্মাণৰ বাবে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল যদিও সীমা নিৰ্ধাৰণ নোহোৱাৰ বাবেই সেই দেৱাল নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব পৰা নগ'ল।

লোক নিৰ্মাণ বিভাগৰ ঠিকাদাৰে এই দেৱাল নিৰ্মাণৰ বাবে কাম হাতত লৈয়ো সম্পূৰ্ণ কৰিব নোৱাৰিলে। ২০১৯ ৰ ২২ জুলাইত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যক্ষ অতুল বৰাই কামৰূপ মহানগৰ উপায়ুক্তলৈ এক পত্ৰ প্ৰেৰণ কৰি অভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ সীমা নিৰ্ধাৰণৰ বাবে অনুৰোধ জনাইছিল।

পত্ৰখনৰ নম্বৰ আছিল Memo No. AEC/Land/853-55 । উপায়ুক্তৰ লগতে এই পত্ৰৰ প্ৰতিলিপি প্ৰেৰণ কৰা হৈছিল চক্ৰ বিষয়ালৈও। পত্ৰখনত মহাবিদ্যালয়ৰ অধ্যক্ষই উপায়ুক্তক অৱগত কৰিছিল যে, মহাবিদ্যালয়খনৰ দেৱাল নিৰ্মাণৰ বাবে পি ডব্লিউ ডিয়ে ঠিকাদাৰক দেৱাল নিৰ্মাণৰ অনুমতি দিয়াৰ লগতে মহাবিদ্যালয়খনেও দেৱাল নিৰ্মাণৰ বাবে সাজু হৈছিল।

কিন্তু সীমা নিৰ্ধাৰণ কৰিব নোৱাৰাৰ বাবেই দেৱাল নিৰ্মাণ কৰিব পৰা নাই। সেয়ে জিলা উপায়ুক্তক মহাবিদ্যালয়খনৰ সীমা নিৰ্ধাৰণ কৰিবৰ বাবে অনুৰোধ জনাইছিল।এই পত্ৰৰ পাছতো মহাবিদ্যালয়খনৰ সীমা নিৰ্ধাৰণ কৰা নহ'ল।

ফলত নিৰ্মাণকাৰী প্ৰতিষ্ঠান Competent Infrastructure and Consulting Pvt, Ltd. ৰ হৈ বি চৌধুৰীয়ে পি ডব্লিউ ডিৰ এক্সিউকিটিভ ইঞ্জিনীয়াৰলৈ ২০১৯ ৰ ২৯ অক্টোবৰত এক পত্ৰ প্ৰেৰণ কৰি মহাবিদ্যালয়খনৰ সীমা নিৰ্ধাৰণ কৰাৰ বাবে পুনৰ অনুৰোধ জনাইছিল।

ইয়াৰ এদিন পাছতে ২০১৯ ৰ ৩০ অক্টোবৰত পি ডব্লিউ ডিৰ এক্সিকিউটিভ ইঞ্জিনীয়াৰৰ কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা পত্ৰ Memo No. TB/4-459/2019-20/ ৰ জৰিয়তে মহাবিদ্যালয় কৰ্তৃপক্ষক সীমাৰ দেৱাল নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ সীমা নিৰ্ধাৰণ কৰাৰ বাবে অনুৰোধ জনায়।

এইদৰেই ২০১৯ ত মহাবিদ্যালয়খনৰ সীমাৰ দেৱাল নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে সীমা নিৰ্ধাৰণক লৈ এজনে আনজনলৈ পত্ৰ প্ৰেৰণ কৰি থাকিল যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নগ'ল। সীমাৰ দেৱাল নিৰ্মাণ কৰাৰ সময়ত সৃষ্টি হোৱা বিভিন্ন অপ্ৰীতিকৰ পৰিস্থিতি আৰু ভাবুকিৰ বাবে ২০২০ৰ ১ জানুৱাৰীত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যক্ষই জালুকবাৰীৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়ালৈও দেৱাল নিৰ্মাণৰ সময়ত নিৰাপত্তা বিচাৰি আৱেদন দাখিল কৰে। তাৰ পাছতো কিন্তু আজিও মহাবিদ্যালয়খনৰ সীমা নিৰ্ধাৰণ কৰাও নহল আৰু দেৱাল নিৰ্মাণো সম্পূৰ্ণ কৰিব পৰা নগল।

উল্লেখ্য যে, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ভূমি বেদখল সন্দৰ্ভত বহু পূৰ্বৰে পৰা মহাবিদ্যালয় কৰ্তৃপক্ষই জিলা উপায়ুক্তৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰি আহিছে যদিও মহাবিদ্যালয়খনৰ ভূমি বেদখলমুক্ত কৰিব পৰা নাই। ১৯৯৭ চনৰ ২৩ এপ্ৰিলত মহাবিদ্য়ালয়ৰ কৰ্তৃপক্ষই জিলা উপায়ুক্তক মহাবিদ্যালয়খনৰ ভূমি বেদখল হোৱাৰ কথা অৱগত কৰিছিল।

মহাবিদ্যালয়ৰ সেই সময়ৰ অধ্যক্ষ ড০ এ চি শৰ্মাই জিলা উপায়ুক্তক পত্ৰ প্ৰেৰণ কৰি ১৯০, ১৯৪, ১৯৬ আৰু ১৫৮ দাগ নম্বৰৰ ভূমি বেদখল হোৱাৰ কথা জনাইছিল। ইয়াৰ পৰৱৰ্তী সময়ত ১৯৯৯, ২০০০, ২০০৩ তো এই সম্পৰ্কে মহাবিদ্যালয় কৰ্তৃপক্ষই জিলা প্ৰশাসনক অৱগত কৰিছিল।

২০০৩ ত সেই সময়ৰ অধ্যক্ষ পি কে ব্ৰহ্মই কামৰূপ জিলা উপায়ুক্তক এখন পত্ৰৰ জৰিয়তে মহাবিদ্যালয়খনৰ ১৯৪, ১৯৮, ১৫৮, ৬ আৰু ১৫৯ দাগৰ ভূমি বেদখল কৰাৰ কথা অৱগত কৰাৰ লগতে এই ভূমিত উচ্ছেদ চলাই বেদখলমুক্ত কৰিবলৈও অনুৰোধ জনাইছিল।

একেদৰে ২০১২ তো অনুৰূপ পদক্ষেপ গ্ৰহণ কৰিছিল মহাবিদ্যালয় কৰ্তৃপক্ষই। ২০১৬ ত ১ নং হোষ্টেলৰ কাষৰ ভূমি বেদখল কৰা আৰু হোষ্টেলৰ আৱাসীলৈ অহা ভাবুকি সন্দৰ্ভতো প্ৰশাসনক অৱগত কৰিছিল মহাবিদ্যালয় কৰ্তৃপক্ষই।

এইদৰেই সময় সময়ে মহাবিদ্যালয়খনৰ ভূমি বেদখল আৰু সীমা নিৰ্ধাৰণৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষই জিলা প্ৰশাসনক অৱগত কৰি আহিছে যদিও আজিও মহাবিদ্যালয়খনৰ ভূমি বেদখলমুক্ত কৰা হোৱা নাই। আজিও মাহবিদ্যালয়খনৰ চাৰিও কাষে নাই দেৱাল। উন্মুক্ত মহাবিদ্যালয় আৰু মহাবিদ্যালয়ৰ হোষ্টেল।

অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ দেৱাল নিৰ্মাণত কোনে দিছে বাধা? নীৰৱ হৈ আছে প্ৰশাসন...
পৰিবহণ নিগমত অবৈধ নিযুক্তি লাভ কৰা ৭৭১ গৰাকীয়ে হেৰুৱাব চাকৰি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in