পৰিবহণ নিগমত অবৈধ নিযুক্তি লাভ কৰা ৭৭১ গৰাকীয়ে হেৰুৱাব চাকৰি...

পৰিবহণ নিগমত অবৈধ নিযুক্তি লাভ কৰা  ৭৭১ গৰাকীয়ে হেৰুৱাব চাকৰি...
পৰিবহণ নিগমত অবৈধ নিযুক্তি লাভ কৰা ৭৭১ গৰাকীয়ে হেৰুৱাব চাকৰি...

ডিজিটেল ডেস্কঃ অসম ৰাজ্যিক পৰিবহণ নিগমত সংঘটিত হোৱা অবৈধ নিযুক্তি সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনত দক্ষ আৰক্ষী বিষয়া হিচাপে পৰিচিত আনন্দ প্ৰসাদ তাৱাৰীক অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচালন সঞ্চালকৰ দায়িত্ব প্ৰদান কৰা হৈছিল।

আনন্দ প্ৰকাশ তিৱাৰীয়ে এই দায়িত্ব লাভ কৰাৰ পাছতে এটাৰ পাছত এটাকৈ পৰিবহণ নিগমত বিয়োগাম কেলেংকাৰী সংঘটিত হৈছিল। বিভাগীয় কোনো নীতি, নিয়ম নামানি নিজৰ ইচ্ছা মতেই নিগম পৰিচালনা কৰিছিল তিৱাৰীয়ে।

এনে ফলশ্ৰুতিতেই নিগমত অবৈধ ভাৱে নিযুক্তি লাভ কৰিছিল বহু কৰ্মচাৰীয়ে। অভিযোগ উত্থাপন হৈছিল নিগমত ২০ জনক প্ৰত্যক্ষ ভাৱে উচ্চ বৰ্গৰ সহায়ক হিচাপে তেওঁ নিযুক্তি প্ৰদান কৰিছিল।

অথচ নিগমত প্ৰত্যক্ষভাৱে উচ্চ বৰ্গৰ সহায়ক নিযুক্তি দিয়াৰ কোনো নিয়ম নাছিল। একেদৰেই বিভাগত তেওঁৰ কাৰ্যকালতে নিযুক্তি লাভ কৰিছিল আৰু বহুতে।

তেনে ২,২৭৪ গৰাকী অবৈধ নিযুক্তি প্ৰাপ্তক চাকৰিৰ পৰা চাটাই কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এইসকলৰ ভিতৰত আছিল বিনা দৰমহাৰে নিগমত কাম কৰি মৃত্যু হোৱা একাংশ কৰ্মচাৰীৰো সন্তান।

এইসকলে পৰিবহণ নিগমত ঠিকাভিত্তিক চাকৰি লাভ কৰিছিল। এইসকলক ঠিকাভিত্তিক নিযুক্তি প্ৰদান কৰা ব্যৱস্থাকো বিভাগে অবৈধ নিযুক্তিৰ শাৰীত ধৰিছিল।

অৱশ্যে মুখ্যমন্ত্ৰী ড০ শৰ্মাই ২০২২ তে দিয়া সেই নিৰ্দেশ কাৰ্যকৰী হোৱা নাছিল। শেহতীয়াকৈ ৰাজ্যৰ পৰিবহণ বিভাগে অসম ৰাজ্যিক পৰিবহণ নিগমত অবৈধ নিযুক্তি প্ৰাপ্তক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইয়াৰ বাবে বিভাগে বাচি উলিয়াইছে অবৈধ ভাৱে নিযুক্তি লাভ কৰা ৭৭১ গৰাকীক। এই ৭৭১ গৰাকীক শীঘ্ৰেই চাকৰিৰ পৰা অব্যাহতি দিব পৰিবহণ বিভাগ।

জানিব পৰা মতে এই অবৈধ নিযুক্তিপ্ৰাপ্তসকলৰ ভিতৰত অধিকাংশই আনন্দ প্ৰকাশ তিৱাৰীৰ কাৰ্যকালত আৰু একাংশই খগেন্দ্ৰ নাথ চেতিয়াৰ কাৰ্যকালত নিযুক্তি লাভ কৰিছিল।

পৰিবহণ নিগমত অবৈধ নিযুক্তি লাভ কৰা  ৭৭১ গৰাকীয়ে হেৰুৱাব চাকৰি...
SCERT কেলেংকাৰীত ৰাজনৈতিক দলৰ নেতাৰ নাম: ৪ সাংবাদিক, RTI কৰ্মীক হাজিৰ কৰোৱা হ'ব আদালতত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in