হাৱালাৰ ধন আত্মসাৎ কৰি গ্ৰেপ্তাৰ আন এজন আৰক্ষী : ভৰলুমুখ থানাৰ SI অনুৰাগ বৰাক গ্ৰেপ্তাৰ

হাৱালাৰ ধন আত্মসাৎ কৰি গ্ৰেপ্তাৰ আন এজন আৰক্ষী : ভৰলুমুখ থানাৰ SI অনুৰাগ বৰাক গ্ৰেপ্তাৰ

ডিজিটেল ডেস্কঃ হাৱালাৰ ধন আত্মসাৎ কৰি পুনৰ গ্ৰেপ্তাৰ হ'ল আন এজন আৰক্ষী বিষয়া। হাৱালাৰ ধন আত্মসাৎ কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মহানগৰীৰ ভৰলুমুখ আৰক্ষী চকীৰ উপ-পৰিদৰ্শক অনুৰাগ বৰাক।

সূত্ৰৰ পৰা জানিব পৰা মতে, বৃহস্পতিবাৰে অনুৰাগ বৰাক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে ৰাতিয়ে তেওঁৰ দেৰগাঁওস্থিত বাসগৃহলৈ লৈ যায়। তেওঁৰ বাসগৃহৰ পৰা আৰক্ষীয়ে মাটিত পুটি থোৱা অৱস্থাত ৫ লাখ টকা হিচাপহীন নগদ ধন জব্দ কৰে। উল্লেখ্য যে, এই গোচৰত এয়া পঞ্চমটো গ্ৰেপ্তাৰ।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই জনাইছিল যে, এই গোচৰৰ সৈতে জড়িত হৈ থকা মুঠ ৪জন লোকক আটক কৰা হৈছে আৰু তেওঁলোকৰ পৰা ৩৭,৮০,০০০ টকাৰ নগদ ধন জব্দ কৰা হৈছে।

উল্লেখ্য যে, মহানগৰ আৰক্ষীয়ে ২১ নৱেম্বৰত আঠগাঁৱত এক অভিযান চলাইছিল। য'ত ২জন ব্যক্তিক ১,৬৯,৭০,০০০ টকাৰ নগদ ধনসহ আটক কৰা হৈছিল। কিন্তু উক্ত গোচৰত গ্ৰেপ্তাৰ হোৱা লোকসকলে অভিযানটো আৰম্ভ হোৱাৰ পূৰ্বেই সেই স্থানত উপস্থিত হৈ ধন আত্মসাৎ কৰাৰ তথ্য লাভ কৰাৰ পাছতেই আৰক্ষীয়ে তদন্ত কৰি হাৱালাৰ ধন আত্মসাৎ কৰা ৫ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰে।

উক্ত গোচৰ সন্দৰ্ভত দিগন্ত বৰাই কয় যে, ২১ নৱেম্বৰত আঠগাঁও অঞ্চলত সংঘটিত হৈ থকা সন্দেহজনক কাৰ্যকলাপৰ প্ৰাসংগিক তথ্য লাভ কৰি আৰক্ষীয়ে অভিযান চলাইছিল আৰু সেই অভিযানত ১,৬৯,৭০,০০০ টকাৰ নগদ ধন আয়কৰ বিভাগে জব্দ কৰিছিল। কিন্তু উক্ত ধনখিনি জব্দ হোৱাৰ পিছত আৰক্ষীয়ে পুনৰ অন্য এক তথ্য লাভ কৰিছিল যে, সেই ঠাইতে হাৱালাৰ পৰা অহা আৰু ধন আছিল যিটো প্ৰৱঞ্চনামূলকভাৱে আত্মসাৎ কৰা হৈছিল।

এই সন্দৰ্ভত আৰক্ষীয়ে হাজোৰ পৰা খাইৰুল হক নামৰ এজন ব্যক্তিক আটক কৰিছিল আৰু তেওঁৰ বাসগৃহৰ পৰা ৭,৫০,০০০ টকা জব্দ কৰিছিল। এই ব্যক্তিজনৰ স্বীকাৰোক্তিৰ ভিত্তিতে বৃহস্পতিবাৰে আৰক্ষীয়ে ভৰালু থানাৰ উপ-পৰিদৰ্শক মুবাৰক আলী, সাংবাদিক তৌফিক উদ্দিন আহমেদ আৰু আন এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিল।

হাৱালাৰ ধন আত্মসাৎ কৰি গ্ৰেপ্তাৰ আন এজন আৰক্ষী : ভৰলুমুখ থানাৰ SI অনুৰাগ বৰাক গ্ৰেপ্তাৰ
জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তক সোণতলীবাসীৰ হৈ চৰ-চাপৰি যুৱ ঐক্য মঞ্চৰ বিশেষ সম্বৰ্ধনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in