/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/3615f0e5-df1c-45dd-9141-53399e9d37d2/AP_FOR_WEB_sir.jpg)
জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তক সোণতলীবাসীৰ হৈ চৰ-চাপৰি যুৱ ঐক্য মঞ্চৰ বিশেষ সম্বৰ্ধনা...
ডিজিটেল ডেস্কঃ জ্যেষ্ঠ সাংবাদিক তথা অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তক শুকুৰবাৰে পুৱাই বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে চৰ-চাপৰি যুৱ ঐক্য মঞ্চই। অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়ত কামৰূপ জিলাৰ সোণতলীবাসীৰ হৈ জ্যেষ্ঠ সাংবাদিকগৰাকীক ফুলাম গামোচা, চেলেং চাদৰৰে সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰশংসা পত্ৰ প্ৰদান কৰে সংগঠনটোৱে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/1d733886-d90e-4286-97a8-b4093b5229b3/2f7f2d31_fd12_4f92_9878_f1e37935f44c.jpg)
উল্লেখ্য যে, সোণতলীবাসীৰ ৰাইজৰ সৈতে বছৰ বছৰ ধৰি এক নীবিড় সম্পৰ্ক ৰক্ষা কৰি অহা জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই সোণতলীবাসী ৰাইজৰ সুখে দুখে কাষত থিয় দি আহিছে। প্ৰায় দুটা দশক ধৰি সোণতলীৰ ৰাইজৰ অভিভাৱকৰ দৰে এক সম্পৰ্ক গঢ়ি তোলা মহন্তই অঞ্চলটোৰ বৃহত্বৰ উন্নয়নৰ স্বাৰ্থত গ্ৰহণ কৰি আহিছে বিভিন্ন পদক্ষেপ।
শেহতীয়াকৈ অসম চৰকাৰৰ স্বাস্থ্য বিভাগে সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰক ৩০ খন বিচনাযুক্ত চি এইছ চিলৈ উন্নীতকৰণতো তেওঁৰ আছিল আন্তৰিক প্ৰচেষ্টা। যাৰ বাবে সোণতলীবাসী ৰাইজে তেওঁক আনুষ্ঠানিকভাৱে এই কৃতজ্ঞতা জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/a28c6bdd-37fd-474a-805f-fdbcfd460bcd/23d3f54f_9591_494d_a99f_376bc8255da6.jpg)
সোণতলীৰ ৩০ খন বিচনাযুক্ত চি এইছ চিখন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰাৰ অনুষ্ঠানতে তেওঁক কৃতজ্ঞতা জনোৱাৰ অৰ্থে এই সম্বৰ্ধনা অনুষ্ঠান ৰাখিছিল যদিও পূৰ্ব নিৰ্ধাৰিত ব্যস্ততাৰ বাবে তেওঁ এই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে। সেয়ে আজি গুৱাহাটী চানমাৰিস্থিত অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়তে আনুষ্ঠানিকভাৱে সেই সম্বৰ্ধনা জ্ঞাপন কৰে সোণতলীৰ ৰাইজৰ হৈ চৰ-চাপৰি যুৱ ঐক্য মঞ্চই।