/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/87b8f8df-396b-4f85-b407-da24f8c8c369/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল ডেস্ক : বিশিষ্ট লেখক, অৰ্থনীতিবিদ,ভাৰতীয় ষ্টেট বেংকৰ প্ৰাক্তন সঞ্চালক, বেংক কৰ্মচাৰী আন্দোলনৰ নেতা অনন্ত কলিতাৰ দেওবাৰে পুৱা দেহাৱসান ঘটে। জানিব পৰা মতে তেওঁ দুৰাৰোগ্য কৰ্কটৰোগত ভুগি আছিল।
মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল প্ৰায় ৭৬ বছৰ। মৃত্যুৰ সময়ত তেওঁ পত্নী, কন্যাৰ লগতে আত্মীয়-স্বজন আৰু বহু গুণমুগ্ধক এৰি গৈছে।
মানৱতাবাদী আৰু বিজ্ঞানমনস্ক ব্যক্তি অনন্ত কলিতা ইলোৰা বিজ্ঞান মঞ্চৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। তাৰোপৰি বিভিন্ন সময়ত মঞ্চৰ উপদেষ্টাসহ বিভিন্ন দায়িত্ব পালনেৰে সহায় কৰিছিল।
জনপ্রিয় নিবন্ধকাৰ কলিতাই তেওঁৰ লিখনিৰে সমসাময়িক বিভিন্ন বিষয়ত সমাজক বাট দেখুৱাইছিল। ইলোৰা বিজ্ঞান মঞ্চই মানৱহিতৈষী তথা বিজ্ঞানমনস্ক লেখক অনন্ত কলিতাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে আৰু স্বনামধন্য ব্যক্তিগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। মঞ্চই তেওঁৰ শোকবিহ্বল পৰিয়ালৰ প্ৰতি জ্ঞাপন কৰি গভীৰ সমবেদনা জ্ঞাপন কৰে।
Also Read: পূৰণদিয়াৰা তেলিপাৰাত অগ্নিকাণ্ড : অগ্নি সংযোগৰ সন্দেহত ৫ জনৰ বিৰুদ্ধে এজাহাৰ দাখিল