পূৰণদিয়াৰা তেলিপাৰাত অগ্নিকাণ্ড : অগ্নি সংযোগৰ সন্দেহত ৫ জনৰ বিৰুদ্ধে এজাহাৰ দাখিল

পূৰণদিয়াৰা তেলিপাৰাত অগ্নিকাণ্ড : অগ্নি সংযোগৰ সন্দেহত ৫ জনৰ বিৰুদ্ধে এজাহাৰ দাখিল

author-image
Asomiya Pratidin
New Update
পূৰণদিয়াৰা তেলিপাৰাত অগ্নিকাণ্ড : অগ্নি সংযোগৰ সন্দেহত ৫ জনৰ বিৰুদ্ধে এজাহাৰ দাখিল

ডিজিটেল সংবাদ,মানকাচৰ : মানকাচৰ থানাৰ অন্তৰ্গত পূৰাণদিয়াৰাৰ তেলিপাৰাত শনিবাৰে নিশা আব্দুল ছামাদ নামৰ লোকজনৰ বাসগৃৰ ওচৰতে কোনো অচিনাক্ত দুৰ্বৃত্তই অগ্নি সংযোগ কৰে। ফলত এটা ভঁৰালঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হৈ প্ৰায় ৫ লক্ষাধিক টকাৰ ধান নষ্ট হয়।

Advertisment

এই সমগ্ৰ ঘটনা সন্দৰ্ভত গৃহস্থ আব্দুল ছামাদে অগ্নি সংযোগৰ সন্দেহত ৫ জনৰ বিৰুদ্ধে মানকাচৰ থানাত এহাজাৰ দাখিল কৰে। উল্লেখযোগ্য যে কিছুদিন ধৰি আব্দুল ছামাদৰ সৈতে গাঁৱখনৰ মজিয়াৰ ৰহমানসহ ৫ জন লোকৰ সৈতে ভূমি কেন্দ্ৰিক সংঘাত হৈছিল।

দুই দলৰ মাজত মাৰপিট হোৱাত আব্দুল ছামাদক ভাবুকি দিয়াত কিছুদিন ধৰি ছামাদ পৰিয়ালসহ ঘৰ এৰি নিৰাপদ স্থানত আশ্ৰয় লৈ আছিল। জানিব পৰামতে শনিবাৰে নিশা ছামাদৰ ঘৰত কোনো নথকাৰ ফলত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ।

এই অগ্নিকাণ্ডৰ ফলত ছামাদৰ এটা ভঁৰাল গৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। ঘৰখনৰ ভিতৰত বিক্ৰীৰ বাবে জমা কৰি ৰখা প্ৰায় ৫ লক্ষাধিক টকাৰ ধান, চাউল আৰু বিভিন্ন সামগ্ৰী ভস্মীভূত হয় বুলি ভুক্তভোগীয়ে উল্লেখ কৰে।

এই ঘটনাৰ পিছত দেওবাৰে দুপৰীয়া ছামাদৰ পত্নী মঞ্জুৰী বেগম ঘৰত উপস্থিত হৈ মানকাচৰ থানাত ৫জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। তেওঁলোক হ'ল- একে গাঁৱৰে আব্দুল আওৱালৰ পুত্ৰ মজিবৰ ৰহমান (৫২), ছফিয়ৰ সৰকাৰৰ পুত্ৰ আকবৰ আলী (৪০),আলী আহমেদ (৩০), মনোৱাৰ আলীৰ পুত্ৰ ছফিয়াৰ ৰহমান (৩৪) আৰু আকতাৰ হুছেইনৰ পুত্ৰ আব্দুল ওৱাহাব (৩২)ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্তৰ অন্ততহে ঘটনা সন্দৰ্ভত সকলো তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

Also Read: প্ৰবীণ গান্ধীবাদী নেতা,মুক্তিযুঁজাৰু টংক বৰাৰ জন্মদিন উদযাপন

fire crime mankachar Assam police