/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/bf679ba0-c4d1-4729-95eb-6e0cf402930a/WhatsApp_Image_2022_09_14_at_12_50_31_AM.jpeg)
সংবিধান অনুসৰিয়েই হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ কামঃ শীঘ্ৰে প্ৰকাশ পাব খচৰা... ELECTION COMMISSION OF INDIA
ডিজিটেল ডেস্কঃ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত গুৱাহাটীত উপস্থিত হোৱা দেশৰ নিৰ্বাচন আয়োগে ৰাজ্যৰ কেইবাটাও ৰাজনৈতিক দল আৰু বিভিন্ন দল, সংগঠনৰ প্ৰতিনিধিৰে বৈঠকৰ অন্তত আজি এক সংবাদমেল সম্বোধন কৰে। সংবাদ মেলত দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে সমষ্টি পুনৰ নিৰ্ধাৰণ আইনৰ আধাৰতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া অব্যাহত আছে বুলি মন্তব্য কৰে।
সংবাদ মেলত তেওঁ কয়, সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ পোৱাৰ পূৰ্বেই আমি শুনানি গ্ৰহণ কৰিছো। খচৰা প্ৰকাশ হোৱাৰ পৰৱৰ্তী সময়ত পুনৰ শুনানি লোৱা হ'ব।
সংবাদ মেলত তেওঁ জনোৱা অনুসৰি ৯ টা ৰাজনৈতিক দল আৰু ৬০ টা সামাজিক সংগঠনৰ সৈতে আয়োগে আলোচনা কৰিছে। আনহাতে আয়োগৰ কাষলৈ যাব নোৱাৰা বহুতৰে হৈ উপায়ুক্তসকলে অভিমত ৰাখিছে বুলিও জনাইছে।
শুনানিৰ সময়ত উত্থাপন হোৱা বহু প্ৰশ্নকে গুৰুত্বসহকাৰে লোৱাৰ কথা উল্লেখ কৰি তেওঁ কয়, নিৰ্বাচন আয়োগক সমষ্টি পুনৰ নিৰ্ধাৰণ দায়িত্ব ১৫ নৱেম্বৰ ২০২২ ত প্ৰদান কৰা হৈছিল। সংবিধানৰ নিয়ম অনুসৰিয়েই সমষ্টি পুনৰ নিৰ্ধাৰণ বাবে ২০০১ ৰ লোকপিয়লক ভিত্তি হিচাপে লোৱা হৈছে।
সমষ্টি পুনৰ নিৰ্ধাৰণ হ'লেও লোকসভা আৰু বিধানসভাৰ সংখ্যা সমানেই থাকিব। একেদৰে বি টি আৰ আৰু ষষ্ঠ অনুসূচীৰ সকলো নিয়ম একেই থাকিব। তেওঁ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত ১৫ এপ্ৰিললৈ সকলোৱে নিজা আপত্তি দাখিল কৰাৰ লগতে পৰামৰ্শ আগবঢ়াব পাৰিব বুলিও জনায়।
সমষ্টি পুনৰ নিৰ্ধাৰণ ক্ষেত্ৰত ভৌগোলিক, ঐতিহাসিক, সাংস্কৃতিক, ৰাজনৈতিক আদি সকলো দিশ সামৰি লোৱা হ'ব। ইফালে কংগ্ৰেছ সভাপতি ভূপেন বৰাই নিৰ্বাচন আয়োগে মেচ ফিক্সিং কৰা বুলি উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰ দি ক'লে কৰ্ণাটকতো আমি একেই কথা শুনিছিলো। আমি বিচলিত নহও।
আনহাতে এন আৰ চি আৰু লোকপিয়ল পৃথক বিষয় বুলি উল্লেখ কৰি তেওঁ কয়, এন আৰ চিত নাথাকিলেও লোকপিয়লত থকা সকল সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত থাকিব।
Also Read: কংগ্ৰেছে ক'লে এয়া মেচ ফিক্সিং ! নিৰ্বাচন আয়োগে ক'লে আমাক কোনেও হুকুম দিব নোৱাৰে...