কংগ্ৰেছে ক'লে এয়া মেচ ফিক্সিং ! নিৰ্বাচন আয়োগে ক'লে আমাক কোনেও হুকুম দিব নোৱাৰে...

কংগ্ৰেছে ক'লে এয়া মেচ ফিক্সিং ! নিৰ্বাচন আয়োগে ক'লে আমাক কোনেও হুকুম দিব নোৱাৰে...

author-image
Asomiya Pratidin
New Update
কংগ্ৰেছে ক'লে এয়া মেচ ফিক্সিং ! নিৰ্বাচন আয়োগে ক'লে আমাক কোনেও হুকুম দিব নোৱাৰে...

কংগ্ৰেছে ক'লে এয়া মেচ ফিক্সিং ! নিৰ্বাচন আয়োগে ক'লে আমাক কোনেও হুকুম দিব নোৱাৰে...

ডিজিটেল ডেস্কঃ আকোঁৰগোজ কংগ্ৰেছ। নিজৰ স্থিতিত অটল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা। যেতিয়ালৈকে নিৰ্বাচন আয়োগে প্ৰদেশ কংগ্ৰেছে দিয়া স্মাৰকপত্ৰৰ উত্তৰ নিদিয়ে তেতিয়াকৈলে সাক্ষাৎ নকৰে নিৰ্বাচন আয়োগক।

Advertisment

সমান্তৰালকৈ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে উত্থাপন কৰিলে মেচ ফিক্সিঙৰ অভিযোগ। কংগ্ৰেছৰ দাবী নিৰ্বাচন আয়োগে প্ৰথমে তেওঁলোকৰ পত্ৰৰ উত্তৰ দিয়ক। পিছে আয়োগে কংগ্ৰেছৰ সেই দাবীৰ বিপৰীতে মেচ ফিক্সিঙৰ অভিযোগৰ হে প্ৰত্যুত্তৰ দিলে।

ৰাজীৱ ভৱনত আজি এক সংবাদ মেল সম্বোধন কৰি কংগ্ৰেছৰ স্থিতিৰ বিষয়ে পুনৰ অৱগত কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে। অৱশ্যে এই সংবাদ মেলতে নিৰ্বাচন আয়োগক ধন্যবাদো জ্ঞাপন কৰে ভূপেন কুমাৰ বৰাই।

তেওঁ নিৰ্বাচন আয়োগে কংগ্ৰেছ দলক ৩ বাৰকৈ পত্ৰ প্ৰেৰণ কৰি বৈঠকৰ বাবে আমন্ত্ৰণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি কয়, কংগ্ৰেছে আয়োগক প্ৰদান কৰা স্মাৰক পত্ৰৰ উত্তৰ নিদিয়ালৈ আয়োগৰ প্ৰতিনিধিক সাক্ষাৎ নকৰে। উল্লেখ্য যে, সমষ্টি পুনৰ নিৰ্ধাৰণ বিষয়টো সন্দৰ্ভত আলোচনাৰ বাবে দেশৰ নিৰ্বাচন আয়োগৰ এক প্ৰতিনিধি দলে গুৱাহাটীত আহি বাহৰ পাতিছে।

হোটেল ৰেডিশ্যন ব্লুট ইতিমধ্যে সোমবাৰে নিৰ্বাচন আয়োগে ৰাজ্যৰ ১১ টা ৰাজনৈতিক দলৰ লগতে বিভিন্ন দল, সংগঠনৰ নেতা আৰু অন্যান্য লোকক সাক্ষাৎ কৰে। সোমবাৰৰ এই বৈঠকত কংগ্ৰেছ দলে অংশগ্ৰহণ নকৰাত আয়োগে পুনৰ এক পত্ৰৰ জৰিয়তে কংগ্ৰেছক মঙ্গলবাৰে বৈঠকৰ বাবে আমন্ত্ৰণ জনাই।

সোমবাৰে ৰাজীৱ ভৱনত কংগ্ৰেছ সভাপতি ভূপেন বৰাই, ৰকিবুল হুছেইন, দেৱব্ৰত শইকীয়া, ৰেকিবুদ্দিন আহমেদ আদিৰ উপস্থিতিত এক সংবাদ মেল সম্বোধন কৰি কিয় আয়োগৰ সদস্যক সাক্ষাৎ নকৰে সেই বিষয়ে ৰাজহুৱাকৈ প্ৰকাশ কৰিছিল। আয়োগে পুনৰ আজি কংগ্ৰেছক বৈঠকৰ বাবে আমন্ত্ৰণ জনোৱাত সেই আমন্ত্ৰণ প্ৰত্যাখ্যান কৰি ভূপেন বৰাই আজি সংবাদ মেলত কয়, নিৰ্বাচন আয়োগে অসম ভ্ৰমণ কৰিবনে নকৰে সেই বিষয়ে অৱগত হোৱাৰ পূৰ্বেই যোৱা ৪ জানুৱাৰীত নতুন দিল্লীত আয়োগক সাক্ষাৎ কৰিছিল আৰু এক স্মাৰক পত্ৰ প্ৰদান কৰিছিল।

আয়োগে সেই পত্ৰৰ কোনো উত্তৰ নিদিয়াত পৰৱৰ্তী সময়ত ২২ ফেব্ৰুৱাৰীত পুনৰ এক পত্ৰ প্ৰেৰণ কৰিছিল নিৰ্বাচন আয়োগলৈ। কিন্তু আয়োগে সেই পত্ৰৰো কোনো উত্তৰ নিদিলে। সেয়ে ভূপেন বৰাই সেই পত্ৰৰ উত্তৰ নোপোৱা পৰ্যন্ত আয়োগক সাক্ষাৎ নকৰে বুলি মন্তব্য কৰিছে।

ভূপেন বৰাৰ মতে, সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ দুটা বিপৰীত ভাষ্য। কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে সংসদত জনোৱা অনুসৰি অসমৰ চাৰিখন জিলা বিলুপ্তি কৰা সম্পৰ্কত চাৰিটা যুক্তি আছে। আনহাতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মতে জাতীয় স্বাৰ্থত চাৰিখন জিলা বিলুপ্তি কৰা হৈছে।

তেওঁ পুনৰ কয় নিৰ্বাচন আয়োগে মেচ ফিক্সিং কৰিছে। তেওঁলোকে কি কৰিব সেই বিষয়ে সিদ্ধান্ত লৈয়েই গুৱাহাটীলৈ আহিছে। তেওঁ কয়, গুৱাহাটীত দেশৰ নিৰ্বাচন আয়োগে মাত্ৰ ৬ ঘণ্টাত ৩ কোটি ৩০ লাখ মানুহৰ কথা শুনিলে। ১২৬টা বিধানসভা সমষ্টি ১৪ টা লোকসভা সমষ্টিৰ ৰাইজৰ কথা শুনিবলৈ সময় হ'ল।  ইমান ব্যস্ত নিৰ্বাচন আয়োগ যে তেওঁলোকে চাৰিটা দিনো অসমক দিব নোৱাৰিলে।

ইফালে ভূপেন বৰাই সংবাদ মেলত কয়, আমাৰ স্মাৰক পত্ৰৰ প্ৰত্যুত্তৰ দিলে আমি যিকোনো সময়ত আয়োগক সাক্ষাৎ কৰিবলৈ সাজু আছোঁ।  প্ৰথমতে উত্তৰ দিয়ক। তেওঁৰ মতে যদি আয়োগে কংগ্ৰেছক বেয়া পায় তেন্তে অসমৰ ৰাইজক দিয়ক সেই উত্তৰ।

অৱশ্যে ভূপেন বাৰৰ এই অভিযোগৰ প্ৰত্যুত্তৰ দিলে নিৰ্বাচন আয়োগে। আয়োগে ক'লে আমাক কোনেও হুকুম দিব নোৱাৰে। মেচ ফিক্সিঙৰ অভিযোগ আমি প্ৰায়েই শুনি থাকো। আমি কি কৰিব লাগে, কি কৰিব নালাগে এই সন্দৰ্ভত আমাক কোনেও হুৰুম দিব নোৱাৰে।

ইফালে অসম গণ পৰিষদে শুদ্ধ এন আৰ চি অবিহনে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰিছিল যদিও এতিয়া তেওঁলোক পাভলুটি মাৰিছে। তেওঁ এই সন্দৰ্ভত অগপৰ সভাপতি অতুল বৰাক নিজা স্থিতি স্পষ্ট কৰিব লাগে বুলিও মন্তব্য কৰে। তেওঁ লগতে কয়, অসম গণ পৰিষদে ২০০১ৰ লোকপিয়লৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰিছিল।

উল্লেখ্য যে, দেশৰ নিৰ্বাচন আয়োগে সোমবাৰে গুৱাহাটীৰ ৰেডিছন ব্লুত সমষ্টি পুনৰনিৰ্ধাৰণ সন্দৰ্ভত অসমৰ ১১ টা ৰাজনৈতিক দলৰ বাবে আহ্বান কৰা বৈঠকত কংগ্ৰেছক বাদ দি বিভিন্ন ৰাজনৈতিক দলে অংশগ্ৰহণ‌ কৰে । বিজেপি, এজিপি, ইউ পি পি এল, এ আই ডি এফ, চি পি আই এম, চি পি আই, ৰাইজৰ দল, তৃণমূল কংগ্ৰেছ আম আদমী পাৰ্টী আৰু ৰাইজৰ দলে বৈঠকত অংশগ্ৰহণ কৰে ।

বৈঠকত শাসকীয় দল বিজেপি, অগপ আৰু ইউ পি পি এলক বাদ দি সকলো ৰাজনৈতিক দলেই ২০২৪ চনত সমষ্টি পুনৰনিৰ্ধাৰণ সন্দৰ্ভত বিৰোধিতা কৰে । আনহাতে আজি ৰাজীৱ ভৱনত অনুষ্ঠিতক কংগ্ৰেছৰ সংবাদ মেলত ভূপেন বৰাৰ উপৰিও কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিদ্বয় ৰাণা গোস্বামী আৰু জাকিৰ হুছেইন শিকদাৰ আৰু আন কেইবাজনো শীৰ্ষ নেতা উপস্থিত থাকে।

Also Read: সংগীত নাটক একাডেমীৰ শীৰ্ষ পদত অসমীয়াঃ শিৱসাগৰৰ কোঁৱৰপুৰৰ পৰা আৰম্ভ হৈছিল যাত্ৰা...

কংগ্ৰেছ ভূপেন বৰা নিৰ্বাচন আয়োগ সমষ্টি পুনৰ নিৰ্ধাৰণ