চানমাৰিত নিচাজাতীয় দ্ৰৱ্যসহ ৪জন আটক

চানমাৰিত নিচাজাতীয় দ্ৰৱ্যসহ ৪জন আটক

author-image
Asomiya Pratidin
New Update
চানমাৰিত নিচাজাতীয় দ্ৰৱ্যসহ ৪জন আটক

ডিজিটেল ডেস্কঃ মহানগৰীৰ চানমাৰিৰ অসম ইঞ্জিনিয়াৰিং কলেজৰ সমীপত আৰক্ষীৰ অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী। বুধবাৰে নিশা প্ৰায় ৩ বজাত অভিযান চলাই আৰক্ষীয়ে ২৫ হাজাৰ টকা মূল্যৰ ৩০টা কৰেক্সৰ বটল জব্দ কৰিবলৈ সক্ষম হয়।

Advertisment

নিচাজাতীয় সামগ্ৰীৰ লগতে সৰবৰাহৰ লগত জড়িত ৪জন ব্যক্তিকো আটক কৰিবলৈ সক্ষম হয় আৰক্ষী। এই অভিযানত নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ বাবে ব্যৱহাৰ হোৱা এখন বাহনো জব্দ কৰে আৰক্ষীয়ে।

Also Read: সংবাদমেল সম্বোধন কৰি বিজেপিৰ বিৰুদ্ধে সৰৱ ২ বঙালী সংগঠন

drugs peddler