সংবাদমেল সম্বোধন কৰি বিজেপিৰ বিৰুদ্ধে সৰৱ ২ বঙালী সংগঠন

সংবাদমেল সম্বোধন কৰি বিজেপিৰ বিৰুদ্ধে সৰৱ ২ বঙালী সংগঠন

author-image
Asomiya Pratidin
New Update
সংবাদমেল সম্বোধন কৰি বিজেপিৰ বিৰুদ্ধে সৰৱ ২ বঙালী সংগঠন

ডিজিটেল সংবাদ, চিলাপথাৰঃ হিন্দুত্বৰ শ্লোগান দি শাসনত অহা বিজেপি দলে নিৰ্বাচনৰ পূৰ্বে হিন্দু বঙালীসকলৰ ডি ভোটাৰ, বিদেশী সমস্যা, ডিটেনচন কেম্প ভাঙি দিয়াকে বহু জলন্ত-সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দি বাঙালী ৰাইজৰ ৯৯ শতাংশ ভোট লৈ অসমত দুবাৰকৈ শাসন চলোৱা বিজেপি দলৰ প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন হ'ল।

Advertisment

আজিলৈকে বঙালী ৰাইজৰ জলন্ত-সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত আগবঢ়া নাই বিজেপি চৰকাৰ। যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰখনৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে জনগোষ্ঠীটোৰ দুটাকৈ ছাত্ৰ সংগঠন। বুধবাৰে বাঙালী ফেডাৰেশ্যন আৰু বাঙালী জাতীয় পৰিষদৰ ধেমাজি জিলা সমিতিয়ে যৌথভাৱে সম্বোধন কৰা এক সংবাদমেলৰ জৰিয়তে সংগঠনৰ প্ৰতিনিধিয়ে কয় যে, বিজেপিয়ে কেৱল হিন্দুত্বৰ শ্লোগান দি ধৰ্মৰ নামত ৰাজনীতি কৰি আহিছে। জাতিৰ মাজত বিভেদ বঢ়াই সমখজখনক অস্থিৰ কৰি ৰাখিছে। বিজেপিৰ শাসনত বঙালীয়ে কেৱল বঞ্চনা আৰু প্ৰতাৰণা পাই আহিছে অথচ সমস্যা সমাধান কৰিম বুলি আজিলৈকে নকৰিলে।

বসুন্ধৰা আঁচনিৰ জৰিয়তে চৰকাৰখনে চক্ৰান্তমূলকভাৱে বাঙালী হিন্দুক অসমত ভূমিহীন কৰাৰ সড়যন্ত্ৰত লিপ্ত হৈছে। তেনে বহু অভিযোগেৰে জনগোষ্ঠীটোৰ দুয়োটা ছাত্ৰ সংগঠনৰ কৰ্মী আক্ৰমণাত্মক হৈ উঠে ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে।

সংগঠনৰ কৰ্মীসকলে অহা ৩ মাহৰ ভিতৰত যদি অসমত বসবাস কৰা হিন্দু-বঙালী লোকৰ ডি ভোটাৰ বিদেশী সমস্যা, ডিটেনচন কেম্পৰ লগতে বসুন্ধৰা আঁচনিৰ জৰিয়তে ভূমি পট্টা প্ৰদানৰ ব্যৱস্থা নকৰে তেন্তে নিৰ্বাচনত বিজেপিক বৰ্জন কৰা হ'ব বুলি হুংকাৰ প্ৰদান কৰে । দিছপুৰত বিজেপিৰ চৰকাৰৰ চলি থকাৰ মাজত ২০১৮ চনত তিনিচুকীয়াৰ ধলা বিচনীমূখত অচিনাক্ত দুৰ্বৃত্তৰ গুলীত ৫ জনকৈ নিৰীহ বাঙালী লোক গণহত্যা কৰা হ'ল। ঘটনাৰ ৫টা বছৰ অতিক্ৰম কৰাৰ পাছতো আজিলৈকে সঠিক তদন্ত নহ'ল। এইখন চৰকাৰে ৰাইজৰ বাবে কেতিয়াও ভাল চিন্তা নকৰে। কেৱল মাথো গাদী দখলৰ স্বাৰ্থত বঙালী সকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে।

এইক্ষেত্ৰত বিজেপি দলত থকা বাঙালী মন্ত্ৰী বিধায়ক নেতা কৰ্মী সকলক সুকিয়াই দি কয় যে, বিজেপি দলত থাকি যদি বাঙালী জাতিৰ সমস্যা সমাধান কৰিব নোৱাৰে তেন্তে এই দলৰ পৰা শীঘ্ৰেই পদত্যাগ কৰক অন্যথা বাঙালী অধ্যুষিত এলেকাত প্ৰৱেশ নিষেধ কৰা হ'ব। সংবাদ মেলত ফেডাৰেশ্যনৰ ৰাজ্যিক উপ সভাপতি ধনঞ্জয় নাথ , ধেমাজি জিলাৰ সভাপতি কালন দেৱনাথে আৰু বাঙালী জাতীয় পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি শান্তমনি সৰকাৰৰ লগতে কেবাজনো নেতা উপস্থিত থাকে।

Also Read: অসম আন্দোলনৰ ফলশ্ৰুতিত স্থাপন হোৱা ধিঙৰ 'চেকক্ৰাফ্ট' উদ্যোগৰো মাটি ৰামদেৱৰ দখলত

BJP ASSAM