সমাজে পাহৰা দ্বিগজ ব্যক্তিত্বক সোঁৱৰিলে ৪ গ্ৰন্থই...

সমাজে পাহৰা ব্যক্তিগৰাকীৰ ওপজাদিনটোত মহানগৰীস্থ অসম সাহিত্য সভাৰ ভাগৱতী প্ৰসাদ বৰুৱা ভৱনত উন্মোচন হ'ল ৪খনকৈ গ্ৰন্থ।

author-image
Asomiya Pratidin
New Update
সমাজে পাহৰা দ্বিগজ ব্যক্তিত্বক সোঁৱৰিলে ৪ গ্ৰন্থই...

ডিজিটেল ডেস্ক : আজি সমাজবিজ্ঞানী ড০ প্ৰফুল্ল মহন্তৰ ওপজাদিন। সমাজে পাহৰা ব্যক্তিগৰাকীৰ ওপজাদিনটোত মহানগৰীস্থ অসম সাহিত্য সভাৰ ভাগৱতী প্ৰসাদ বৰুৱা ভৱনৰ নেহা আগৰৱালা সোঁৱৰণি সভাকক্ষত উন্মোচন হ'ল ৪খনকৈ গ্ৰন্থ। গ্ৰন্থকেইখন ক্ৰমে সোণাইৰ সোঁত, মিলিত প্ৰয়াস, অবিৰত সংগ্ৰাম আৰু কামৰূপ-অসমৰ প্ৰাচীন ইতিহাসৰ প্ৰেক্ষাপটত বড়ো আন্দোলনৰ ইতিহাস। ইয়াৰে তিনিখন গ্ৰন্থ উপন্যাস হোৱাৰ বিপৰীতে "কামৰূপ-অসমৰ প্ৰাচীন ইতিহাসৰ প্ৰেক্ষাপটত বড়ো আন্দোলনৰ ইতিহাস" শীৰ্ষক গ্ৰন্থখনি গৱেষণা গ্ৰন্থ আৰু এয়া গ্ৰন্থখনৰ চতুৰ্থ সংস্কৰণ।

Advertisment

গ্ৰন্থ উন্মোচনীৰ উপলক্ষে পৰিয়াল তথা প্ৰকাশকৰ তৰহৰ পৰা আয়োজিত সভাত সভাৰ আৰম্ভণিতে মহন্তদেৱলৈ শ্ৰদ্ধাঞ্জলি জনাই বন্তি প্ৰজ্বলন কৰে পত্নী চেনিচম্পা মহন্তই, লগতে পুষ্পাঞ্জলি অৰ্পন কৰে পৰিয়ালবৰ্গ তথা উপস্থিত লোকলকলে। ইয়াৰ পাছতে ড০ প্ৰফুল্ল মহন্তৰ ওপৰত চমু স্মৃতিচাৰণ আগবঢ়াই শংকৰ শইকীয়াই। কাৰ্যসূচী অনুসৰি প্ৰকাশকৰ আদৰণি ভাষণত পূৰ্বাঞ্চল প্ৰকাশনৰ নবীন বৰুৱাই মহন্তদেৱৰ গুণৰ প্ৰসংশা কৰি তেওঁৰ মননশীল চিন্তাৰ শলাগ লয়।

অনুষ্ঠানত উন্মোচক হিচাপে উপস্থিত থাকে প্ৰাক্তন বিধায়ক হেমেন দাস। আনহাতে গ্ৰন্থ উন্মোচক হিচাপে উপস্থিত থাকে বিশিষ্ট চিন্তাবিদ তথা বুদ্ধিজীৱি ড° হীৰেন গোহাঁই, বিশিষ্ট সাংবাদিক হাইদৰ হুচেইন, গণশিল্পী লোকনাথ গোস্বামী আৰু সমাজকৰ্মী উৎপল বৰপূজাৰী । তদুপৰি অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সাংসদ অজিত কুমাৰ ভূঞা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অখিল ৰঞ্জন দত্ত, লেখক পৰামানন্দ মজুমদাৰ, কমলাকান্ত মুছাহাৰী আদিৰ লগতে বহুলোক।

বিশিষ্ট বুদ্ধিজীৱি হীৰেন গোহাঁইয়ে তেওঁৰ ভাষণত মহন্তদেৱৰ "কামৰূপ-অসমৰ প্ৰাচীন ইতিহাসৰ প্ৰেক্ষাপটত বড়ো আন্দোলনৰ ইতিহাস" শীৰ্ষক গ্ৰন্থখনৰ কথা চমু আলোকপাত কৰি কয় যে, তেওঁৰ এই গ্ৰন্থখন তথ্য সমৃদ্ধ মূল্যবান গ্ৰন্থ। য'ত তেখেতে প্ৰাচীন কালৰে পৰা বড়ো জনগোষ্ঠীৰ লোকসকলৰ অৱদানৰ কথা উল্লেখ কৰিছে। অৱশ্যে সমান্তৰালভাবে তেওঁ বড়ো জনগোষ্ঠীৰ শিক্ষা-দীক্ষা কিদৰে এই পৰ্যায়ৰ লৈ আহিল তাৰো আলোচনা কৰা উচিত আছিল বুলি মত ব্যক্ত কৰে।

ভাষণ প্ৰসংগত তেওঁ কেন্দ্রীয় চৰকাৰৰ চক্ৰান্তকাৰী প্ৰক্ৰিয়াৰ বাবে সকলো জাতি জনজাতি মিলিত হৈ বাস্তৱ পৰিস্থিতিৰ অধ্যয়ন কৰি মাত মতা উচিত বুলি কৈ কেন্দ্রই কাকো দান-দক্ষিণা নিদিয়ে, যদি কাৰোবাৰ প্ৰতি সহানুভূতি দেখুৱাই তাৰ অন্তৰালত ৰাজনীতি থাকে বুলি ব্যক্ত কৰি চৰকাৰৰ কাম-কাজৰ প্ৰতি সচেতন হোৱাৰ আহ্বান জনায়।

উল্লেখ্য যে, নগাঁও হেমাৰবড়ি সত্ৰৰ জাজৰি বগৰিগুৰিৰ নিৱাসী থুলেশ্বৰ মহন্ত আৰু কিৰণ মহন্তৰ সন্তান হিচাপে ১৯৪১ চনত জন্ম গ্ৰহণ কৰা ড০ মহন্তদেৱে শিক্ষকতাৰ লগত জড়িত হৈ পিছলৈ বিভিন্ন বিষয়ৰ ওপৰত কেইবাখনো গ্ৰন্থ লিখি অসমীয়া সমাজলৈ বৰঙণি আগবঢ়াই গৈছে। তেওঁৰ দ্বাৰা ৰচিত কেইখনমান গ্ৰন্থ হ'ল অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস, জনগোষ্ঠীগত চেতনা: আত্ম প্ৰতিষ্ঠাৰ প্ৰশ্ন, সমাজ সংস্কৃতিৰ ইতিহাস ইত্যাদি, জনজাতীয় স্বধীকাৰ আন্দোলন আৰু বড়ো জাতি সত্তা, বড়োভূমিৰ উচুপনি, বিষয়: জনজাতিৰ মৰ্মবেদনা আদি।

Also Read: ৰেচন কাৰ্ডৰ পৰা 'ডিজিটেল ড্ৰাইভিং লাইচেন্স'লৈ; কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

asom sahitya sabha