ড॰ নন্দ সিং বৰকলালৈ শব্দঋষি সাহিত্য বঁটা...

ড॰ নন্দ সিং বৰকলালৈ শব্দঋষি সাহিত্য বঁটা...

author-image
Asomiya Pratidin
New Update
ড॰ নন্দ সিং বৰকলালৈ শব্দঋষি সাহিত্য বঁটা...

ড॰ নন্দ সিং বৰকলালৈ শব্দঋষি সাহিত্য বঁটা...

ডিজিটেল ডেস্কঃ সংবাদ প্ৰতিষ্ঠান সংবাদ লহৰে অসমীয়া সাহিত্য জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ড॰ নন্দ সিং বৰকলালৈ আগবঢ়াইছে ‘শব্দঋষি’ সাহিত্য বঁটা ৷ সংবাদ প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি নতুন বছৰটোত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰদান কৰিবলগীয়া এই বঁটাত আছে নগদ ২৫, ০০০ টকা, শৰাই, অংগবস্ত্ৰ, স্মাৰক, সম্বৰ্ধনা পত্ৰ ইত্যাদি৷

Advertisment

শব্দৰত্ন সন্মানেৰে সমাদৃত ড॰ বৰকলাই ইতিমধ্যে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনেক বঁটাৰে সন্মানিত হোৱাৰ লগতে নিজৰ সাহিত্য কৰ্মৰে অসমীয়া সাহিত্যক চহকী কৰিছে ৷ উল্লেখ্য, সুদূৰ পাঞ্জাৱৰ পৰা সৈন্য হিচাপে অহা ড॰ নন্দ সিং বৰকলাৰ পূৰ্বপুৰুষসকলে ২০০ বছৰৰো পূৰ্বে হাদিৰাচকীৰ যুঁজত মৃত্যু বৰণ কৰাৰ পিছত যিসকল জীৱিত হৈ থাকিল তেওঁলোকে পিতৃ ভূমিলৈ উভতি নগৈ অসমৰ ভাষা, সংস্কৃতি আৰু জাতীয় জীৱনৰ অবিচেদ্য অংগ হৈ অসমীয়াৰ বৰঘৰৰ সত্বা হৈ পৰিল৷

ড॰ নন্দ সিং বৰকলাই ইতিমধ্যে ড॰ নগেন শইকীয়া ন্যাসৰ পৰা সাৰস্বত সন্মান, সৰ্বভাৰতীয় সুব্ৰমণিয়াম সাহিত্য সন্মান, উত্তৰ প্ৰদেশ কৰ্মচাৰী পৰিষদৰ সৰস্বতী বঁটা, ড॰ ময়িদুল ইচলাম সাহিত্য বঁটা, কপিলী উপত্যকা সাহিত্য বঁটা, ভূপেন হাজৰিকা সাহিত্য বঁটা, অভিনেতা গুণ মহন্ত শিল্পী বঁটা, অসম সাহিত্য সভাৰ অম্বিকাগিৰী ৰায় চৌধুৰী বঁটা,অসম কবি সন্মিলনৰ দ্বাৰা কবিপ্ৰাণ উপাধি,ভগত সিং ফাউণ্ডেচনৰ ভগত সিং সদভাৱনা বঁটা লাভ কৰাৰ উপৰিও ভাৰতীয় সাহিত্য অকাডেমীৰ ৰাষ্ট্ৰীয় লেখক শিবিৰ কাশ্মীৰ, ঔৰাংগাবাদলৈ কবি হিচাবে নিৰ্বাচিত হৈছিল ৷ সুবক্তা ড॰ বৰকলাই যোৱাবা ৩০ বছৰে নীৰলসভাবে সাহিত্য সাধনা কৰি আহিছে ৷

Also Read: "গুৱাহাটী প্ৰেছ ক্লাবৰ অতিথি" অনুষ্ঠানত এইবাৰ উপস্থিত থাকিব ড০ হীৰেন গোহাঁই...

ড॰ নন্দ সিং বৰকলা