
ডিজিটেল ডেস্কঃ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ঘটনাৰ পাছত শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে নিযুক্তি ড০ কল্যাণ কলিতাক।
শুকুৰবাৰে শিক্ষা বিভাগৰ বিভাগীয় নিৰ্দেশনাযোগে এই কথা জানিবলৈ দিয়ে। মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী অধ্যাপক ড০ কল্যাণ কলিতা। আনহাতে,বাধ্যতামূলক ছুটিত যাবলৈ দিয়া হৈছে পূৰ্বৰ অধ্যক্ষ অতুল বৰা ।
পৰৱৰ্তী নিৰ্দেশনা প্ৰকাশ নকৰালৈকে বাহাল থাকিব বৰাৰ বাধ্যতামূলক ছুটি। উল্লেখ্য যে, ২৮ মে'ৰ নিশা জালুকবাৰীৰ এক পথ দুৰ্ঘটনাত মহাবিদ্যালয়খনৰ ৭ জনকৈ ছাত্ৰই অকাল মৃত্যুক আকোৱালি লৈছিল। ইয়াৰ বিপৰিতে ডি আই বাহনখনৰ চালক-হেণ্ডিমেনসহ ৩জনকৈ লোক গুৰুতৰভাৱে আহত হৈ সম্প্ৰতি চিকিৎসাধীন হৈ আছে।
আনহাতে, মহাবিদ্যালয়খনৰ ৭নং হোষ্টেলৰ ৱাৰ্ডেন ড০ শশাংক শৰ্মাক বাধ্যতামূলক ছুটী দিয়া হৈছে। তদন্ত শেষ নোহোৱা পৰ্যন্ত ছুটীত থাকিব মহাবিদ্যালয়খনৰ অধ্যক্ষ আৰু ৱাৰ্ডেন।