বিয়লি গুৱাহাটী আহি পাব ৰাজস্থান ৰয়েলছ দল...

আজি আবেলি পাঞ্জাৱ কিংছৰ খেলুৱৈসকলে বৰ্ষাপাৰাত অনুশীলন কৰিব

author-image
Asomiya Pratidin
New Update
বিয়লি গুৱাহাটী আহি পাব ৰাজস্থান ৰয়েলছ দল...

ৰাজস্থান ৰয়েলছ

ডিজিটেল ডেস্ক : সোমবাৰে বিয়লিৰ ভাগত গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত উপস্থিত হ’ব ৰাজস্থান ৰয়েলছৰ খেলুৱৈকে ধৰি কৰ্মকৰ্তাসকল। অহা ১৫ আৰু ১৯মে’ত এ চি এৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব লগা মেচ দুখনৰ বাবে আজি উপস্থিত হ’ব দলটো।

Advertisment

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ১৫মে’ৰ দিনা ৰাজস্থানে পাঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলিব আৰু ১৯ মে’ৰ দিনা কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে। ইতিমধ্যে দেওবাৰে গুৱাহাটীত উপস্থিত হৈছেহি পাঞ্জাৱ কিংছ।

আজি আবেলি পাঞ্জাৱ কিংছৰ খেলুৱৈসকলে বৰ্ষাপাৰাত অনুশীলন কৰিব। জানিব পৰামতে চেন্নাইৰ পৰা পোনে পোনে গুৱাহাটীলৈ বুলি ৰাওনা হোৱা ৰাজস্থানে আজি অনুশীলন কৰাৰ সম্ভাৱনা নাই।

ইতিমধ্যে দুয়োখন মেচৰ বাবে এ চি এৰ কাৰ্যকৰ্তাসকলে সম্পূৰ্ণৰূপে সাজু কৰি তুলিছে বৰ্ষাপাৰা ষ্টেডিয়াম। দুয়োটা আলহী দলৰ উপৰি ঘৰুৱা দল ৰাজস্থানৰ বাবেও সাজু কৰিছে বিশেষ বিশেষ ব্যৱস্থা। মুঠৰ ওপৰত বৰ্ষাপাৰাত অনুষ্ঠিতব্য দুয়োখন মেচেই আকৰ্ষণীয় হৈ উঠিব বুলি অসম ক্ৰিকেট সন্থাই জানিবলৈ দিয়ে।

Also Read: পুনৰ পৰাস্ত ৰাজস্থান ৰয়েলছ : নিম্ন স্ক'ৰীয় মেচত চেন্নাইৰ জয়লাভ

IPL 2024 BARSHAPARA