বিজেপিৰ লগত থাকি ড০ সমুজ্জল কুমাৰ ভট্টচাৰ্য্য আৰু জুবিন গাৰ্গে 'কা' বিৰোধ কৰি আছে : ড০ হীৰেণ গোহাঁই

'কা' আন্দোলন কেৱল জুবিন গাৰ্গে কৰা নাছিল : ড০ হীৰেণ গোহাঁই
বিজেপিৰ লগত থাকি ড০ সমুজ্জল কুমাৰ ভট্টচাৰ্য্য আৰু জুবিন গাৰ্গে 'কা' বিৰোধ কৰি আছে : ড০ হীৰেণ গোহাঁই

ডিজিটেল ডেস্ক : ৰাজ্যত পুনৰ চৰ্চালৈ আহিছে 'কা' আন্দোলনৰ প্ৰসংগ। ইয়াকে লৈ কিছুদিন পূৰ্বে জনপ্ৰিয় সংগীতশিল্পী জুবিন গাৰ্গে কৰা মন্তব্যক লৈ অসন্তুষ্ট হৈছে বুদ্ধিজীৱি, শিক্ষাবিদ তথা সাহিত্যিক ড০ হীৰেণ গোহাঁই।

শুকুৰবাৰে এক সংবাদমেলত ড০ গোহাঁইয়ে কয় যে, অসমত কেৱল জুবিন গাৰ্গেই 'কা' আন্দোলন কৰা নাছিল। 'কা' আন্দোলনৰ নেতৃত্বত ৰাজ্যৰ বিভিন্ন লোক আছিল।

আনহাতে জুবিন গাৰ্গৰ লগতে আছুৰ উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্য্যকো ড০ গোহাঁইয়ে সমালোচনা কৰে। 'কা' আন্দোলনত ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য আৰু জুবিন গাৰ্গৰ ভূমিকাক দুৰ্ভাগ্যজনক আখ্যা দিয়ে।

উক্ত সংবাদমেলত ড০ গোহাঁইয়ে দুয়োগৰাকীৰ বিৰুদ্ধে একপ্ৰকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে। ড০ গোহাঁইয়ে কয়- বিজেপিৰ সৈতে থাকি 'কা' বিৰোধ কৰি আছে দুয়োগৰাকীয়ে। এয়া এক স্ব-বিৰোধী কথা।

অৱশ্যে কথা প্ৰসংগত দুয়োগৰাকীৰ প্ৰতি ড০ গোহাঁইৰ কোনো ব্যক্তিগত আখেজ নাই বুলি মন্তব্য কৰে। উল্লেখ্য যে, কিছুদিন পূৰ্বে 'কা' সন্দৰ্ভত জুবিন গাৰ্গে কেইবাটাও মন্তব্য সংবাদ মাধ্যমৰ সন্মুখত কৰিছিল।

তেওঁ কৈছিল- 'কা' আন্দোলনত মই নেতৃত্বত আছিলো। বেমাৰ হোৱাৰ পাছত ঘূৰি আহি দেখোঁ গোটেই পৰিৱেশ সলনি হৈ থাকিল। মই, সমুজ্জ্বলদা আৰু কেইজনমানহে থাকিলোগৈ। ইয়াৰোপৰি তেওঁ কৈছিল- মই আগতেওঁ 'কা' বিৰোধী আছিলোঁ, এতিয়াও আছোঁ।

বিজেপিৰ লগত থাকি ড০ সমুজ্জল কুমাৰ ভট্টচাৰ্য্য আৰু জুবিন গাৰ্গে 'কা' বিৰোধ কৰি আছে : ড০ হীৰেণ গোহাঁই
অসম আন্দোলনৰ সক্ৰিয় কৰ্মী ৰাধু চৌধুৰীৰ দেহাৱসানঃ মথুৰাপুৰত শোকৰ ছাঁ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in