/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/57a51564-2295-4c84-b4f9-dc9914340293/411.jpg)
ডিজিটেল সংবাদ,মথুৰাপুৰ : চৰাইদেউ জিলাৰ মথুৰাপুৰ ভকত গাঁৱৰ নিবাসী,অসম আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী তথা বিশিষ্ট সমাজকৰ্মী ৰাধু চৌধুৰীৰ বিয়োগ। শুকুৰবাৰে দুপৰীয়া প্ৰায় ২-০০ বজাত তেওঁ নিজ বাসগৃহ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত চৌধুৰীৰ বয়স আছিল ৬২ বছৰ।
উল্লেখ্য যে, কিছুদিন ধৰি শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ ঘৰতে চিকিৎসাধীন হৈ আছিল। তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে পৰিয়াল,আত্মীয় স্বজন আৰু গুণমুগ্ধসকল শোকত ভাগি পৰে।
বৃহত্তৰ মথুৰাপুৰ অঞ্চলৰ বিভিন্ন সামাজিক অনুষ্ঠান সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা চৌধুৰী বিয়োগত আছু,প্ৰেছ ক্লাবকে ধৰি বহুসংখ্যক অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ৷ চৌধুৰীৰ মৃত্যুই অঞ্চলজুৰি শোকৰ ছাঁ পেলায়।
Also Read: যোৰহাটত ৫১ সংখ্যক "মিষ্টাৰ আৰু মিছ অসম ২০২৩" ব'ডিবিল্ডিং প্ৰতিযোগিতা