ড০ হীৰেন গোহাঁইক 'আৰবান নক্সাল' আখ্যাঃ মুখ্যমন্ত্ৰীক গৰিহণা লেখক, অধ্যাপক, কবি, সাহিত্যিক, শিল্পীৰ...

বিবৃতিৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গৰিহণা
ড০ হীৰেন গোহাঁইক 'আৰবান নক্সাল' আখ্যাঃ মুখ্যমন্ত্ৰীক গৰিহণা লেখক, অধ্যাপক, কবি, সাহিত্যিক, শিল্পীৰ...
ড০ হীৰেন গোহাঁইক 'আৰবান নক্সাল' আখ্যাঃ মুখ্যমন্ত্ৰীক গৰিহণা লেখক, অধ্যাপক, কবি, সাহিত্যিক, শিল্পীৰ...

ডিজিটেল ডেস্কঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশিষ্ট চিন্তাবিদ, লেখক, বুদ্ধিজীৱি ড০ হীৰেন গোহাঁই সন্দৰ্ভত কৰা বিতৰ্কিত আৰু অপমানসূচক মন্তব্যক গৰিহণা জনাইছে ৰাজ্যৰ বহু কেইজন বিশিষ্ট নাগৰিকে। লেখক, বুদ্ধিজীৱি, অধ্যাপক, কবি, সাহিত্যিককে ধৰি বিভিন্ন শ্ৰেণীৰ নাগৰিকে স্বাক্ষৰ কৰা এক বিবৃতিত মুখ্যমন্ত্ৰী ড০ শৰ্মাই হীৰেণ গোহাঁইক কৰা আক্ৰমণ কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰিছে।

বিবৃতিটোত লিখিছে- ''অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশিষ্ট বুদ্ধিজীৱি তথা সক্ৰিয় ৰাজনৈতিক সচেতক অসম হিতৈষী ড০ হীৰেন গোহাঁইক আৰবান নক্সাল বুলি অভিহিত কৰা কাৰ্যৰ আমি তীব্ৰ ভাষাৰে গৰিহণা দি প্ৰতিবাদ জনাইছো। আমি জানোঁ যে, আদিবাসী এলেকাত উন্নয়নৰ নামত কৰ্পোৰেটে চলোৱা সম্পদ লুণ্ঠন, পৰিৱেশ ধ্বংস আৰু আদিবাসী উচ্ছেদৰ বিৰুদ্ধে সাধাৰণ ৰাইজ, প্ৰকৃতিপ্ৰেমী, দেশপ্ৰেমিক আৰু গণতান্ত্ৰিক লোকসকলে যি সংগ্ৰাম গঢ়ি তুলিছিল তাৰ বিৰুদ্ধে চৰকাৰে চলোৱা প্ৰতি আন্দোলন (counter movement) টোৰ নামেই হৈছে আৰবান নক্সালৰ নামত নমোৱা দমন অভিযান।

আমি এইটোও জানো যে, চৰকাৰৰ সমালোচকসকলক বিশেষকৈ বঁটা-বাহনেৰে প্ৰলোভিত কৰিব নোৱাৰা বুদ্ধিজীৱিসকলক দমন আৰু কাৰাৰুদ্ধ কৰাৰ বাবে আৰবান নক্সাল শব্দটো ব্যৱহাৰ কৰি অহা হৈছে। অনেক প্ৰকৃত সমাজসেৱক তথা বুদ্ধিজীৱিক ইতিমধ্যে আৰবান নক্সাল সজাই নানা অকথ্য নিৰ্যাতন চলোৱা হৈছে। প্ৰায়বোৰ ক্ষেত্ৰতে তেওঁলোকৰ বিৰুদ্ধে অনা অভিযোগবোৰ ভুৱা তথা মনেসজা বুলি ন্যায়ালয়ত প্ৰমানিত হৈছে।আনকি কানাহায়া কুমাৰ আৰু কেজৰিৱালৰ নামো আৰবান নক্সাল বুলি বিজেপি নেতাৰ মুখত বাৰে বাৰে উচ্চাৰিত হৈছিল।

সকলোৱেই জানে যে, সকলো ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে ড০ হীৰেন গোহাঁয়ে দৃঢ়তাৰে মাত মাতি আহিছে আৰু সদায়ে গণতান্ত্ৰিক আন্দোলনৰ পক্ষত থিয় দি আহিছে। তেনে ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ প্ৰতি কৰা সমালোচনাৰ উত্তৰ নিদি বাৰে বাৰে ড০ গোহাঁইক আক্ৰমণৰ লক্ষ্য কৰি লোৱা কাৰ্য কোনো কাৰণতেই সমৰ্থনযোগ্য নহয়।

আমি দেখিছোঁ যে অসমতো 'কা' আইন জাপি দিয়া, খিলঞ্জীয়াৰ ওপৰত উচ্ছেদ চলোৱা, পৰিবেশ ধংস কৰা, অসমীয়া ভাষাক গুৰুত্বহীন কৰি তোলা, অসমৰ সম্পদৰ ওপৰত অবাধ লুণ্ঠন আৰু সম্পদ হস্তান্তৰৰ প্ৰক্ৰিয়া এই চৰকাৰৰ তীব্ৰতৰ হৈছে। ইয়াৰ বিৰুদ্ধে জনগণৰ মাজত ক্ষোভৰ উকমুকনি দেখা গৈছে আৰু আঁচনিৰ প্ৰলোভনেৰে ইয়াৰ মোকাবিলা কৰাটো অসম্ভৱ হৈ পৰিছে।

সেয়ে ৰাইজৰ আন্দোলন দমন কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ মুখত আৰবান নক্সালৰ আৱাজ উচ্চাৰিত হৈছে বুলি শংকা ঘনীভূত হৈ পৰিছে। আমি সেয়ে অসমক ভাল পোৱা, ইয়াৰ মাটি-পানী-বায়ুক ভাল পোৱা, গণতন্ত্ৰ আৰু স্বাধিকাৰৰ পক্ষত থিয় দিয়া সকলো লোককে ড০ হীৰেন গোহাঁইৰ বিৰুদ্ধে কৰা মুখ্যমন্ত্ৰীৰ ষড়যন্ত্ৰমূলক বক্তব্যৰ প্ৰতিবাদ কৰিবলৈ আহ্বান জনাইছো।

উল্লেখ্য যে, এই বিবৃতিত স্বাক্ষৰ কৰিছে ক্ৰমে অজিত কুমাৰ ভূঞা, হৰেকৃষ্ণ ডেকা, ড০ পৰমানন্দ মহন্ত, ডঃচন্দ্ৰমোহন শৰ্মা, লোকনাথ গোস্বামী, ডঃজ্যোতিপ্ৰসাদ চলিহা, ড০ অপূৰ্ব কুমাৰ বৰুৱা, অধ্যাপক পূৰ্ণেশ্বৰ নাথ, ড০ মনোৰমা শৰ্মা, অধ্যাপক আব্দুল মান্নান, অধ্যাপক বৈকুণ্ঠ দাস, ড০ ইন্দ্ৰানী দত্ত, ৰবীন দত্ত, প্ৰভাত বৰা, নীলিম কুমাৰ, দেবেন তামূলী, বিবেক দাস, শিৱানন্দ কাকতি, পৰেশ মালাকাৰ, ড০ পৰমানন্দ মজুমদাৰ, ড০ সীতানাথ লহকৰ, নিৰঞ্জন মহন্ত, সুব্ৰত চক্ৰৱৰ্তী, সমীন্দ্ৰ হুজুৰী, কুমুদ বৰুৱা, শংকৰ শইকীয়া, শৰৎ চন্দ্ৰ নেওগ, পূৰ্ণ কাকতি, ভূষণজ্যোতি সন্দিকৈ, জুৰি বৰা বৰগোহাঁই, জিতেন বেজবৰুৱাই।

ড০ হীৰেন গোহাঁইক 'আৰবান নক্সাল' আখ্যাঃ মুখ্যমন্ত্ৰীক গৰিহণা লেখক, অধ্যাপক, কবি, সাহিত্যিক, শিল্পীৰ...
কৰিমগঞ্জত নিৰ্বাচনী বিষয়া কঢ়িয়াই নিয়া বাহন দুৰ্ঘটনাগ্ৰস্তঃ ওদালগুৰিত গ্ৰেপ্তাৰ প্ৰিজাইদিং বিষয়া...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in