প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কাষত ড০ হিমন্ত বিশ্ব শৰ্মা

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কাষত ড০ হিমন্ত বিশ্ব শৰ্মা

author-image
Asomiya Pratidin
New Update
প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কাষত ড০ হিমন্ত বিশ্ব শৰ্মা

ডিজিচেল ডেস্ক : চিনাকী তেওঁলোকৰ বহু পুৰণি। প্ৰফুল্ল কুমাৰ মহন্ত গৌহাটী বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ সময়ৰে পৰা কিশোৰ হিমন্ত বিশ্ব শৰ্মাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ চিনাকী আছিল।

Advertisment

কালক্ৰমত দুয়োগৰাকী নেতাই অসমৰ ৰাজনীতিত প্ৰৱেশ কৰে। দুয়োগৰাকী নেতাই অসমৰ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰে। দুবাৰকৈ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰা প্ৰফুল্ল কুমাৰ মহন্ত সম্প্ৰতি অসুস্থ হৈ আছে।

সেয়ে বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰফুল্ল কুমাৰ মহন্তৰ স্বাস্থ্যৰ বুজ লয়। স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়াই আয়োজন কৰা এক চাহমেলত হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ খা-খবৰ লয়।

স্মৃতি সুঁৱৰি অতি আন্তৰিকতাৰে ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ কাষত থিয় হয়। উল্লেখ্য যে, ৰাজ্যপাল কাটাৰিয়াই আয়োজন কৰা এই চাহমেলত আৰক্ষী অধীক্ষক জি পি সিং, সচিব পৱন বৰঠাকুৰ আদিৰ লগতে বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকী লোক উপস্থিত আছিল।

Also Read: মিজোৰামত গ্ৰেপ্তাৰ কৰিমগঞ্জৰ ২যুৱক

himanta biswa sarma