মিজোৰামত গ্ৰেপ্তাৰ কৰিমগঞ্জৰ ২যুৱক

মিজোৰামত গ্ৰেপ্তাৰ কৰিমগঞ্জৰ ২যুৱক

author-image
Asomiya Pratidin
New Update
মিজোৰামত গ্ৰেপ্তাৰ কৰিমগঞ্জৰ ২যুৱক

ডিজিটেল সংবাদ,শিলচৰ : বুজন পৰিমাণৰ হেৰ'ইন আৰু নিচাজাতীয় টেবলেটৰ সৈতে মিজোৰাম আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে অসমৰ দুজন‌ ড্ৰাগছ ব্যৱসায়ী। মিজোৰামৰ ছাৰচিপ জিলাৰ পূৱ লুংদাৰ আৰক্ষীয়ে কৰিমগঞ্জৰ ব্ৰাহ্মণ চাছন গাৱৰ ম: ইকবাল হুছেইন আৰু দাসগ্ৰামৰ চায়দ উদ্দিন নামৰ সৰবৰাহকাৰী দুজনক গ্ৰেপ্তাৰ কৰে।

Advertisment

মিজোৰাম আৰক্ষীয়ে সদৰি কৰা মতে,এখন বিলাসী বাহনত তালাচী চলাওতে বাহনখনৰ গোপন চেম্বাৰৰ পৰা হেৰ'ইন ভৰ্তি ৩৯ টা চাবোনৰ বাকচ জব্দ কৰা হয়। বাকচ কেইটাৰ পৰা মুঠ ৫৪৮ গ্ৰাম হেৰ''ইন জব্দ কৰা হয়।

লগতে বাহনখনৰ গোপন চেম্বাৰৰ পৰা ৫০,০০০০ টা মেথামফেটামাইন নিচাজাতীয় টেবলেতো জব্দ কৰা হয়। টেবলেটখিনিৰ ওজন ৫.৩২ কেজি বুলি সদৰি কৰিছে আৰক্ষীয়ে।‌

জব্দ কৰা এই হেৰ''ইনৰ আৰু টেবলেটৰ মূল্য প্ৰায় কেবাকোটি টকা হ'ব আৰক্ষীয়ে জানিবলৈ দিয়ে। ইতিমধ্যে উত্তৰ ভানলাইফাই থানাত দুই ধৃতৰ বিৰুদ্ধে এটি গোচৰ ৰুজু কৰি সম্প্ৰতি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

Also Read: মঙলদৈতো দৰং আৰক্ষীৰ BMI পৰীক্ষা

MIZORAM POLICE crime