সাহিত্যিক-সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা

সাহিত্যিক-সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা

ডিজিটেল সংবাদ,গুৱাহাটীঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক তথা " কলাগুৰু" আসনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, প্ৰসিদ্ধ সাহিত্যিক, সমালোচক, চিন্তাবিদ ড০ গোবিন্দ প্ৰসাদ শৰ্মাক শনিবাৰে মহানগৰীৰ কাহিলীপাৰাৰ ভগদত্তপুৰৰ নিজ বাসভৱনত "পৰাগজ্যোতি প্ৰকাশন"ৰ তৰফৰ পৰা উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰে । সাহিত্যিকগৰাকীক ফুলাম গামোচা, মানপত্ৰ, কিতাপৰ টোপোলা আদিৰে সম্ভাষণ জ্ঞাপন কৰা হয়।

প্ৰকাশনৰ হৈ অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ আহ্বায়ক তথা বোলছবি পৰিচালক অৱনী ৰঞ্জন পাঠক, সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক, " সাহিত্য কোঁৱৰ" কমল কলিতা, বিশিষ্ট গীতিকাৰ- সাহিত্যিক শচীন দাস আদিয়ে। প্ৰকাশনৰ সচিব, সাংবাদিক দীপক শৰ্মাই আঁত ধৰা অনুষ্ঠানত বক্তব্য দাঙি ধৰি বিশিষ্ট শিক্ষাবিদ, পণ্ডিত ড০ গোবিন্দ প্ৰসাদ শৰ্মাই কয়- "অসম সাহিত্য সভাক উত্তৰ- পূৰ্বাঞ্চলৰ মানুহে মনে-প্ৰাণে ভাল পায় । বৰ আদৰৰ অনুষ্ঠান ।

যতীন্দ্ৰনাথ দুৱৰা, চৈয়দ আব্দুল মালিকৰ সভাপতি থকা সময়ৰ পৰা সাহিত্য সভাৰ সভা চোৱা,শুনা আৰু তেওঁলোকৰ প্ৰগাঢ় ব্যক্তিত্বই সন্মোহিত কৰে । কিন্তু আজিৰ প্ৰেক্ষাপটত সাহিত্য সভাৰ গৰিমাত ম্লান পৰিছে । নতুন প্ৰজন্মক অগ্ৰাধিকাৰ দি জ্যেষ্ঠজনে চালক হৈ আগুৱাই নিব লাগিব।"

সাহিত্যিক পেন্সনাৰ কমল কলিতাই কয়- "সমাজত একাংশ ব্যক্তিয়ে নিৰলস ভাৱে যিকোনো বিষয়ত সাধনা কৰি আছে । সুদিনৰ অপেক্ষাত ৰৈ আছে । ড০ শৰ্মা চাৰো ইয়াৰে এজন ।" সংগীত পৰিচালক অৱনী ৰঞ্জন পাঠকে কয়- "ড০ গোবিন্দ প্ৰসাদ শৰ্মাই ইংৰাজী-অসমীয়া উভয় ভাষাতে সৰলতাৰে সাহিত্য সৃষ্টিৰ লগতে ইয়াৰ গঠনমূলক আলোচনা দাঙি ধৰি সাহিত্যৰ ভৰাল কপকপীয়া কৰি তুলিছে ।"

সাহিত্যিক শচীন দাসে কয়- "সমাজলৈ বৰঙণী যোগোৱা ব্যক্তিসকলক, সমাজে যথাস্থানত সন্মানিত কৰিব লাগে । ড০শৰ্মাৰ চিন্তা, সাহিত্য কৃতিয়ে অসমৰে নহয় ভাৰতৰ সাহিত্যৰ ভৰাল চহকী কৰিছে ।"

সাংবাদিক, কবি দীপক শৰ্মাই কয়- "যি কামেৰে মহৎ হ'ব পাৰি সেই কাম প্ৰতিজন মানুহে কৰিব লাগে । ইতিবাচক দৃষ্টিভংগীৰে কাম কৰিব লাগে । " অনুষ্ঠানত ড০ শৰ্মাৰ পত্নী তথা সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা ড০ অঞ্জলি শৰ্মাও সভাত উপস্থিত আছিল ।

সাহিত্যিক-সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
বাসুগাঁৱত যানবাহন আৰক্ষীৰ জালত বাহনসহ ছাগলী চোৰ আটক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in