/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/eca101d5-af1d-45e5-beae-65940ac0d272/120.jpg)
ডিজিটেল সংবাদ,গুৱাহাটী : বি বৰুৱা মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ বাৰ্ষিক বক্তৃতা অনুষ্ঠান ২৩ মাৰ্চত অনুষ্ঠিত হয়। বক্তৃতানুষ্ঠানটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/0c839f88-d32b-4bc5-a803-c93bc242ff71/9fb01036_ab83_46d9_b622_f201b70fcb4f.jpg)
বি বৰুৱা মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী ড° ৰূপা বৰুৱাই আদৰণী ভাষণ আগবঢ়োৱা অনুষ্ঠানটোত সমল ব্যক্তিৰ পৰিচয় দাঙি ধৰে শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক ড° দেৱীকা ফুকনে । ড° বুলজিৎ বুঢ়াগোহাঁয়ে ‘শিক্ষা’ বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্রীধাৰীসকলৰ বাবে থকা কেৰিয়াৰৰ সুযোগৰ বিষয়ে আলোচনা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/bb28f4f0-f926-47d5-ace8-883ac8ed5d73/42b855fa_905b_40df_bd82_efbe18df8008.jpg)
তেওঁ বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষা তথা নিযুক্তিৰ বাবে আয়োজন কৰা সাক্ষাৎকাৰবোৰত সাধাৰণ জ্ঞানৰ প্রয়োজনীয়তাৰ বিষয়েও উল্লেখ কৰে। লগতে তেওঁ ইন্টাৰনেটৰ জৰিয়তে কেৰিয়াৰ বিষয়ৰ তথ্য কেনেকৈ শুদ্ধভাবে সংগ্রহ কৰিব পাৰি সেই বিষয়েও আলোচনা কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/07b2b5f9-8328-454c-8903-6e65585fa8e3/71642317_5677_4fe8_b9fd_9eed8b2f00fb.jpg)
বি বৰুৱা মহাবিদ্যালয় আৰু আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ শিক্ষাৰ্থীসকলৰ লগতে অধ্যাপকসকলেও অংশগ্ৰহণ কৰা অনুষ্ঠানটোত ড° বুঢ়াগোহাঁয়ে বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে । কেৰিয়াৰ পৰামৰ্শদাতা ড° বুঢ়াগোহাঁয়ে প্ৰতি শনিবাৰে বিয়লি ৬বজাৰৰ পৰা ৯বজালৈ ফোনযোগে (৯৪৩৫১৮৮৬৩০) বিনামূলীয়াকৈ আগবঢ়োৱা কেৰিয়াৰ পৰামৰ্শৰ বিষয়েও অৱগত কৰে ।
Also Read: কলিয়াবৰত নিৰ্বাচনী শুভংকৰ উন্মোচন