/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/2f02decf-75af-4508-ba01-c5ed50978da3/119.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰঃ সমাগত লোকসভা নিৰ্বাচন উপলক্ষে ভোটাৰৰ মাজত সজাগতা বৃদ্ধিৰ বাবে কলিয়াবৰ নিৰ্বাচন বিভাগে গ্ৰহণ কৰিছে বিশেষ উদ্যোগ । কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত কলিয়াবৰ জিলা নিৰ্বাচন বিভাগে শনিবাৰে বিয়লি কুঁৱৰীটোলত উন্মোচন কৰে নিৰ্বাচনী শুভংকৰ " শ্যামলী"।
"এই ব'হাগৰ সংকল্প,ভোটেৰে সজাও গণতন্ত্ৰ" শীৰ্ষক 'শ্যামলী' শুভংকৰটি আনুষ্ঠানিকভাৱে উন্মোচন কৰে অতিৰিক্ত আয়ুক্ত,মহকুমাধিপতি লিজা তালুকদাৰে । অনুষ্ঠানত পেৰা চাইকেলিষ্ট,আসাম আইকন ৰাকেশ বণিক মুখ্য অতিথি হিচাপে উপস্থিত থাকে। লগতে জখলাবন্ধা এই এচ টি চি বাচ স্থানৰ সন্মুখত ভোটাৰ সজাগতা অনুষ্ঠানটিও অনুষ্ঠিত হৈ যায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/a84a5223-a25b-4c4b-b6ad-2b99675046b9/f1bf6e6f_6c62_4892_ab24_ddb2122a0c52.jpg)
Also Read: মস্কোৰ গুলীচালনাৰ ঘটনা : নিহতৰ সংখ্যা ১১৫গৰাকীলৈ বৃদ্ধি...