ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ সম্পন্ন

ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ সম্পন্ন

author-image
Asomiya Pratidin
New Update
ডন বস্ক’ বিশ্ববিদ্যালয়ৰ  উদ্যোগত কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ সম্পন্ন

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত এখন বিনামূলীয়া অনলাইন কেৰিয়াৰ কৰ্মশালা ১৯ এপ্রিলত সন্ধিয়া ৬.৩০ বজাত অনুষ্ঠিত হয়। কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই।

Advertisment

এই কৰ্মশালাখনত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱৰ্তীণ হোৱা শিক্ষাৰ্থীসকল তথা আন শ্রেণীত অধ্যয়ন কৰি থকা শিক্ষাৰ্থী আৰু অভিভাৱকসকলেও অংশ গ্রহণ কৰে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত কি কি বিষয়ত অধ্যয়ন কৰিব পাৰি, উচ্চতৰ মাধ্যমিকত শাখা কেনেকৈ নিৰ্বাচন কৰিব লাগে, শিক্ষানুষ্ঠানত নামভর্তি কৰাৰ পূর্বে কি কি কথা জানিব লাগে সেই বিষয়ে ড° বুলজিৎ বুঢ়াগোহাঁয়ে আলোচনা কৰে।

২০২৪-২৫ বৰ্ষৰ পৰা অসমৰ ৰাজ্য চৰকাৰৰ পলিটেকনিকবোৰত ৩বছৰীয়া ডিপ্লমা পাঠ্যক্রমবোৰত হাইস্কুল শিক্ষান্ত বা সমতুল্য পৰীক্ষাৰ নম্বৰৰ ওপৰত ভিত্তি কৰি নামভৰ্তি হ’ব বুলি ড° বুঢ়াগোহাঁয়ে জানিব দিয়ে। পূৰ্বতে ‘পলিটেকনিক এডমিচন টেষ্ট [Polytechnic Admission Test (PAT)] ’প্রৱেশ পৰীক্ষাৰ জৰিয়তে নামভৰ্তি হৈছিল ।

ৰাষ্ট্ৰীয় শিক্ষানীতি- ২০২০ অনুসৰি ২০২৪-২৫ বৰ্ষৰ পৰা কলা আৰু বিজ্ঞান স্নাতকৰ চাৰিবছৰীয়া শিক্ষক প্রশিক্ষণৰ পাঠ্যক্ৰম অসমৰ বাহনা মহাবিদ্যালয়, ছয়দুৱাৰ মহাবিদ্যালয়, নৰ্থ লখিমপুৰ কলেজ (স্বায়ত্তশাসিত) আৰু ত‍্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত আৰম্ভ হ’ব বুলি ড° বুঢ়াগোহাঁয়ে উল্লেখ কৰে। এই পাঠ্যক্ৰমত নামভৰ্তিৰ উচ্চতৰ মাধ্যমিকত ৫৫ শতাংশ নম্বৰ লৈ উত্তীর্ণ হোৱা শিক্ষাৰ্থীসকলে নামভৰ্ত্তিৰ বাবে নেশ্বনেল টেষ্টিং এজেঞ্চিয়ে পৰিচালনা কৰা ৰাষ্ট্ৰীয় সামূহীক প্ৰৱেশ পৰীক্ষা[ National Common Entrance Test (NCET)] ত অৱতীৰ্ণ হ'ব লাগে সেই বিষয়ে জানিব দিয়ে।

লগতে ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান (আই.আই.টি.) গুৱাহাটীত ‘ডাটা ছায়েন্স এণ্ড আৰটিফিচিয়েল ইনটেলিজেনচ (Data Science and Artificial Intelligence) ’বিষয়ত বি এছ চি (অনাৰ্ছ) অনলাইন পাঠ্যক্রমত নামভৰ্ত্তিৰ বাবে উচ্চতৰ মাধ্যমিক চূড়ান্ত বা সমতুল্য পৰীক্ষাত ৬০ শতাংশ নম্বৰ লৈ শিক্ষাৰ্থীসকল উত্তীর্ণ হ’ব লাগে আৰু বাধ্যতামূলক বিষয়বোৰৰ ভিতৰত এটা বিষয় হিচাপে গণিত থাকিব লাগে সেই বিষয়ে জানিবৰ দিয়ে।

কেৰিয়াৰ পৰামৰ্শদাতা গৰাকীয়ে কৰ্মশালাখনত অংশগ্রহকাৰীসকলৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ লগতে কলা, বিজ্ঞান বা বাণিজ্য যিকোনো শাখাৰ পাঠ্যক্রমতে ভালদৰে উত্তীৰ্ণ হৈ শিক্ষাৰ্থীসকলে নিজৰ দক্ষতা প্রকাশ কৰিব পাৰিলে সংস্থাপনৰ সুবিধা লাভ কৰিব বুলি উল্লেখ কৰে। প্ৰতি শনিবাৰে সন্ধিয়া ৬বজাৰৰ পৰা ৯ বজালৈ ফোনযোগে (৯৪৩৫১৮৮৬৩০) বিনামূলীয়া কেৰিয়াৰ পৰামৰ্শৰ আগবঢ়োৱা বিষয়েও ড° বুলজিৎ বুঢ়াগোহাঁয়ে অৱগত কৰে। কৰ্মশালাখনৰ ৰেকৰ্ডিং ইউটিউব (https://www.youtube.com/@Buljit/videos)তো উপলব্ধ হব।

Also Read: ধিং চমুৱা আঞ্চলিক বহাগী উৎসৱ উদযাপন সমিতিৰ উদ্যোগত ৰঙালী উৎসৱ...

webinar don bosco university