/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/dbe0458b-86f4-4e35-8eda-ab297431f7dc/4.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ৪৬ সংখ্যক ধিং চমুৱা আঞ্চলিক বহাগী উৎসৱ উদযাপন সমিতিৰ উদ্যোগত ফনীন্দ্ৰ ক্ষেত্ৰ, চমুৱা মুক্ত পুথিভঁৰাল প্ৰাংগনত শুকুৰবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ৰঙালী উৎসৱ। পুৱাৰে পৰা পৰম্পৰাগত খেল ধেমালি অনুষ্ঠিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/2e2603c9-05b3-4c8d-82ae-445275651d13/b8a5b447_5672_46f4_ac2f_ed8d57080308.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/35a57814-4b7a-4957-bb91-2981e00b8892/de43cbc2_1159_4229_a755_e085c519d4d7.jpg)
শনিবাৰে পুৱা বিহুৰ উলগ, পতাকা উত্তোলন, স্বহীদ তৰ্পনৰ পাছত চিত্ৰাংকন প্ৰতিযোগিতা, ভেশছন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। বিয়লি ৩বজাত আৰম্ভ হ'ব কুইজ প্ৰতিযোগিতা। নিশা অসমীয়া গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ২১ এপ্ৰিলৰ পুৱা কবি সন্মিলন অনুষ্ঠিত হ'ব আৰু নিশা সাংস্কৃতিক অনুষ্ঠানত গীত মাত নৃত্যৰ অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি জনাইছে উদ্যোক্তাসকলে।
Also Read: উৎকণ্ঠাৰ অন্ত পেলাই আজি ঘোষণা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল