ক'ত গ'ল চিটি বাছৰ টিকেট ব্যৱস্থা ?

author-image
Asomiya Pratidin
New Update
ক'ত গ'ল চিটি বাছৰ টিকেট ব্যৱস্থা ?

ডিজিটেল ডেস্ক : বিগত বৰ্ষৰ নৱেম্বৰ মাহৰ প্ৰথম দিনটোৰ কথা । সদাব্যস্ত গুৱাহাটী মহানগৰীৰ বাট-পথবোৰ কিছু পৰিমাণে সেৰেঙা । ৰাজপথত ব্যক্তিগত চিটিবাছ সমূহৰ চলাচল কিছু কম । কিন্তু হঠাৎ এনে পৰিস্থিতি কিয় ? কিছু সময় পাছত তথ্য লাভ কৰা হ'ল যে, গুৱাহাটী মহানগৰীত প্ৰশাসনে ই-টিকেটৰ ব্যৱস্থা কৰিছে । য'ত চিটি বাছ সমূহৰ কণ্ডাক্টৰ গৰাকীয়ে যাত্ৰীক এটি টিকেট প্ৰদান কৰিব নিৰ্দিষ্ট ভাৰাৰ বিপৰীতে । এই টিকেটটোত উল্লেখ থাকিব গন্তব্যস্থন, ভাৰাৰ নিৰিখ, যাত্ৰী গৰাকী বাছত উঠাৰ স্থান আৰু সময় । যাৰ বাবে প্ৰত্যেকখন বাছতেই এটি কঢ়িয়াই ফুৰিব পৰা মেছিন দিয়া হ'ল ।

Advertisment

এই মেছিন ব্যৱহাৰ নকৰাৰ বাবে জৰিমনাও বিহা হ'ল বাছ সমূহক । যাৰ বাবে বাছৰ মালিক সন্থাই হাতত ল'লে প্ৰতিবাদী কাৰ্যসূচী । এই প্ৰতিবাদ কিছু পৰিমাণে নায্যও আছিল কিয়নো কেৱল ২৪ ঘন্টাৰ ভিতৰতেই সকলো বাছৰ বাবে মেছিনটো ক্ৰয় কৰি সকলো কণ্ডাক্টৰক মেছিনটো চলাবলৈ শিকোৱা নিশ্চয় সহজ কথা নহয় । প্ৰশাসন আৰু বাছ মালিক সন্থাৰ মাজৰ বিতৰ্কত হাৰাশাস্তি হ'ল জনসাধাৰণৰ । কিয়নো বাছৰ পৰিমাণ হ্ৰাস হোৱাৰ সুবিধা ল'লে ব্যক্তিগত খণ্ডৰ কেব সমূহে । এই সমূহৰ নিৰিখ হ'ল গৈ আকাশলংঘী ।

এই ঘটনাৰ পাছত লাহে লাহে চিটি বাছ সমূহত ব্যৱহাৰ কৰিবলৈ লোৱা হ'ল ই-টিকেট ব্যৱস্থা ।

কিন্তু বৰ্তমান পুনৰ পূৰ্বৰ পৰ্যায়ত সেই ব্যৱস্থা । দুৰণিবতীয়া যাত্ৰীয়েহে এতিয়া লাভ কৰে টিকেট । ০-৩ কিলোমিটাৰ দূৰত্বৰ যাত্ৰীসকলক কেতিয়াবা হে দিয়া হয় এই টিকেট । তেন্তে তেওঁলোকৰ বিনিময়ত সংগ্ৰহ কৰা ভাৰাটো লিপিবদ্ধ নহয় নেকি ক'তো ? তাৰ বিনিময়ত লাভ কৰা ধনখিনি তেন্তে মুনাফা । যাৰ বিনিময়ত দিব নালাগে হয়তো কোনো আয়কৰ ।

এই বাতৰিৰ পাছত হয়তো পুনৰ কিছু দিনৰ বাবে কঠোৰ হ'ব প্ৰশাসন । পুনৰ কিছুদিনৰ বাবে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ব বাছ চালকসকলে । কিন্তু হাৰাশাস্তি হ'ব সাধাৰণ জনতাৰ । ভাৰতৰ দৰে এখন উন্নয়নশীল ৰাষ্ট্ৰত ৰাজহুৱা যাতায়ত ব্যৱস্থা খুবেই গুৰুত্বপূৰ্ণ । কিয়নো ইয়াৰে অধিকাংশ লোকৰেই দৈনিক আয় কেব অথবা আন ব্যয়বহুল যাতায়ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ উপযোগী নহয় তেনেস্থলত প্ৰশাসন আৰু এই ব্যক্তিগত খণ্ডৰ মালিক সমূহে কোনো সিদ্ধান্তত উপনীত হোৱাৰ পূৰ্বে জনসাধাৰণৰ কথা এবাৰ অনুধাৱণ কৰিবনে ?

এই উদ্বেগ দুয়োপক্ষৰ বাবেই । নিয়ম জাৰি কৰা প্ৰস্তাৱো দুদিনীয়া নহওক, নিয়ম মনাৰ নাটকো দুদিনীয়া নহওক । কিন্তু এনে কৰিবলৈ গৈ যাতে জনসাধাৰণৰ হাৰাশাস্তি নহয় এদিনৰ বাবেও কিয়নো বাটপথৰ হুমুনিয়াহ, হতাশা, ভাগৰে ঢুকি নাপায় বিলাসী গাড়ীত ফুৰা নেতা আমোলা অথবা ব্যৱসায়ীক । ধনৰ অপব্যয় হয় কেৱল সাধাৰণ যাত্ৰীৰ আৰু বাছৰ কৰ্মচাৰীৰ ।

আৰু পঢ়ক : প্ৰতিকূল বতৰকো নেওচি নিৰ্ধাৰিত সময়তেই হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন...

ASSAM GOVERNMENT