মহানগৰীৰৰ পৰা চিকিৎসক পত্নী সন্ধানহীন

মহানগৰীৰৰ পৰা চিকিৎসক পত্নী সন্ধানহীন
Published on
Updated on

ডিজিটেল ডেস্ক : গুৱাহাটী মহানগৰীৰ পৰা যোৱা ৪দিন ধৰি সন্ধানহীন হৈ আছে এগৰাকী মহিলা। চচলৰ বাসগৃহৰ পৰা ২৪ অক্টোবৰ ২০২৪ত ওলাই গৈছিল মহিলাগৰাকী। মহিলাগৰাকীৰ নাম জুৰি দাস।

তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত কৰ্মৰত চিকিৎসক ডা০ বিজয় দাসৰ পত্নী জুৰি। ঘৰৰ পৰা এখন কেবেৰে দিনৰ প্ৰায় ১২-৪৪ বজাত তেঁও দৌল গোবিন্দ মন্দিৰলৈ গৈছিল। চিচিটিভি ফুটেজত ধৰা পৰা মতে নীলা ৰঙৰ কেবখনেৰে মেৰুন ৰঙৰ এযোৰ চুৰিডাৰ পিন্ধি মহিলাগৰাকী গৈছিল ঘৰৰ পৰা।

তাৰ পাছৰ পৰাই সন্ধানহীন হৈ থকা জুৰি দাসৰ সন্ধানত পৰিয়ালে দিশপুৰ আৰক্ষীক খবৰ দিয়ে। দিশপুৰ থানাত এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে।

দিশপুৰ আৰক্ষীয়ে কেবখনৰ চালকক সোধা-পোছাৰ কৰাত তেঁও জুৰি দাসক দৌল গোবিন্দ মন্দিৰত নমাই থৈ অহা বুলি আৰক্ষীক জানিবলৈ দিয়ে। তাৰ পাছত আৰক্ষীয়ে উত্তৰ গুৱাহাটী আৰক্ষী থানাক এই সন্দৰ্ভত অৱগত কৰাত উত্তৰ গুৱাহাটী আৰক্ষীয়ে দৌল গোবিন্দত থকা চিচিটিভি ফুটেজ পৰীক্ষা কৰি মহিলাগৰাকী তালৈ যোৱাতো নিশ্চিত কৰে।

কামৰূপ গ্ৰাম্য জিলাৰ আৰক্ষী অধীক্ষকগৰাকীকো জুৰি দাসৰ পৰিয়ালে সমগ্ৰ বিষয়টো অৱগত কৰোৱাত আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাই এই সন্দৰ্ভত তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰে। উত্তৰ গুৱাহাটী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাতুল কুমাৰ দাসক জুৰি দাসৰ সন্ধানহীন সন্দৰ্ভত শেহতীয়া তথ্য জানিবলৈ অসমীয়া প্ৰতিদিন ডিজিটেলে যোগাযোগ কৰাত তেওঁ জনাই যে, আৰক্ষীয়ে অনুসন্ধানত অশ্বক্লান্ত মন্দিৰৰ সমীপত মহিলাগৰাকীৰ বেগ আৰু মোবাইলটো উদ্ধাৰ কৰে।

দাসে লগতে জানিবলৈ দিয়ে যে, মহিলাগৰাকীৰ সন্ধানত ব্ৰহ্মপুত্ৰত এছ ডি আৰ এফৰ অভিযান পূৰ্ণ পৰ্যায়ত চলি আছে। এতিয়ালৈকে মহিলাগৰাকীৰ সন্ধান এই অভিযানত লাভ কৰা নাই বুলি জনায়।

মহানগৰীৰৰ পৰা চিকিৎসক পত্নী সন্ধানহীন
বালিপৰাত বিহু শিল্পী সংস্থাৰ বাৰ্ষিক অধিৱেশন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in