সমাগত খেল মহাৰণঃ শীঘ্ৰে পঞ্জীয়নৰ বাবে আহ্বান জিলা আয়ুক্ত-মেয়ৰৰ

সমাগত খেল মহাৰণঃ শীঘ্ৰে পঞ্জীয়নৰ বাবে আহ্বান জিলা আয়ুক্ত-মেয়ৰৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্যত ক্ৰীড়াৰ এক পৰিৱেশ সৃষ্টি আৰু ক্ৰীড়া প্ৰতিভাৰ সন্ধানৰ উদ্দেশ্যৰে অসম চৰকাৰে আয়োজন কৰা খেল মহাৰণ, ২০২৩ত যোগদান কৰিবলৈ কামৰূপ মহানগৰ জিলাৰ ৰাইজক আহ্বান জনাইছে জিলা আয়ুক্ত পল্লৱ গোপাল ঝা আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই ৷ শুকুৰবাৰে জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্তগৰাকীৰ সভাপতিত্বত খেল মহাৰণৰ প্ৰস্তুতি পৰ্যালোচনাৰ বাবে এখন বৈঠক অনুষ্ঠিত হয়

বৈঠকৰ মাজতে জিলা আয়ুক্ত পল্লৱ গোপাল ঝাই ১৯ বছৰ উৰ্দ্ধৰ শাখাত ভলীবল খেলৰ বাবে নিজৰ নাম নিৰ্দিষ্ট প'ৰ্টেলত পঞ্জীয়ন কৰে ৷ আনহাতে পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই ইতিমধ্যে নিজৰ নাম পঞ্জীয়ন কৰিছে ৷ তেওঁলোকে খেলৰ প্ৰতি আগ্ৰহী যিকোনো বয়সৰ লোককে নাম পঞ্জীয়ন কৰি ৰাজ্য চৰকাৰৰ উদ্দেশ্যত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ৷

বিশেষকৈ খেলৰ প্ৰতি আগ্ৰহী নৱ প্ৰজন্মক এই সোণালী সুযোগ গ্ৰহণ কৰিবলৈ বিশেষভাৱে আহ্বান জনায় ৷ উল্লেখ্য যে, অহা ১ নৱেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া প্ৰতিযোগিতা খনৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া অব্যাহত আছে ৷ খেল মহাৰণত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী যিকোনো লোকে গুগল প্লে' ষ্ট'ৰৰ পৰা 'Khel Maharan' শীৰ্ষক এপটো ডাউনল'ড কৰি বা নিৰ্দিষ্ট প'ৰ্টেল www.dsywassam.com/khel ত অহা ১৫ অক্টোবৰৰ ভিতৰত নাম পঞ্জীয়ন কৰিব পাৰিব ৷

খেল মহাৰণত মুঠ ৫ধৰণৰ খেল অনুষ্ঠিত হ'ব, সেয়া ক্ৰমে- এথলেটিকছ (১০০ মিটাৰ, ২০০ মিটাৰ, ৪০০ মিটাৰ আৰু ৮০০ মিটাৰ), ফুটবল, ভলীবল, কাবাদী আৰু খো খো৷ খেলসমূহ ১৯ বছৰ অনুৰ্দ্ধ (পুৰুষ), ১৯ বছৰ অনুৰ্দ্ধ (মহিলা), ১৯ বছৰ উৰ্দ্ধৰ (পুৰুষ) আৰু ১৯ বছৰ উৰ্দ্ধৰ (মহিলা) এই ৪টা শাখাত অনুষ্ঠিত হ'ব ৷ খেলসমূহ প্ৰথমতে গাঁও পঞ্চায়ত আৰু গুৱাহাটী পৌৰ নিগমৰ ক্ষেত্ৰত ৱাৰ্ড পৰ্যায়ত অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে দুয়োয়ে ৷

উল্লেখ্য যে, পৰ্যায়ক্ৰমে বিধান সভা সমষ্টি ভিত্তিত, জিলা ভিত্তিত আৰু শেষত ৰাজ্যিক ভিত্তিত খেলসমূহ অনুষ্ঠিত হ'ব ৷ কামৰূপ মহানগৰ জিলাত খেল আয়োজনৰ বাবে ১২১খন খেলপথাৰ চিনাক্ত কৰা বুলি খেল বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্ত ড০ ধ্ৰুৱজ্যোতি হাজৰিকাই সদৰি কৰে ৷

সমাগত খেল মহাৰণঃ শীঘ্ৰে পঞ্জীয়নৰ বাবে আহ্বান জিলা আয়ুক্ত-মেয়ৰৰ
প্ৰসংগ- সাংসদ পুঁজিৰ কেলেংকাৰীঃ দুই অভিযুক্তৰ জামিন নাকচ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in