কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত 'অমৃত কলহ যাত্ৰা'ৰ ৰূপায়ন সন্দৰ্ভত আলোচনা

কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত 'অমৃত কলহ যাত্ৰা'ৰ ৰূপায়ন সন্দৰ্ভত আলোচনা

ডিজিটেল ডেস্ক : 'মোৰ মাটি মোৰ দেশ' কাৰ্যসূচীৰ সৈতে সম্পৰ্কিত 'অমৃত কলহ যাত্ৰা' সন্দৰ্ভত আলোচনা আৰু সজাগতা সৃষ্টিৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু গুৱাহাটী পৌৰ নিগমৰ উদ্যোগত এখন সভা অনুষ্ঠিত কৰা হয়। মঙলবাৰে জিলা পুথিভড়াল প্ৰেক্ষাগৃহত এই সভাখন অনুষ্ঠিত কৰা হয় ৷

সভাৰ আদৰণি ভাষণ প্ৰদান কৰে কামৰূপ মহানগৰ জিলা আয়ুক্ত পল্লৱ গোপাল ঝাই।সভাখনত 'অমৃত কলহ যাত্ৰা'ৰ বিষয়ে সবিশেষ সদৰি কৰে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘ নিধি দাহালে ৷

গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্ত লনি বৰপাত্ৰগোঁহায়ে পাৱাৰ পইন্ট প্ৰেজেন্টেছনৰ জৰিয়তে অমৃত কলহত মাটি সংগ্ৰহৰ সময়সূচী ব্যাখ্যা কৰে ৷ সেই অনুসৰি সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ মহানগৰ জিলাতো বুধবাৰৰ পৰা 'অমৃত কলহ যাত্ৰা'ৰ কাৰ্যসূচী আৰম্ভ হ'ব ৷

২০ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈ প্ৰতিখন গাওঁ পঞ্চায়ত আৰু গুৱাহাটী পৌৰ নিগমৰ প্ৰতিটো ৱাৰ্ডৰ প্ৰতিটো বাসগৃহৰ পৰা অমৃত কলহত অন্ততঃ এমুঠি মাটি সংগ্ৰহ কৰা হ'ব ৷ মহানগৰীৰ যিসমূহ ফ্লেটৰ বাসিন্দাই কোনোপধ্যে মাটি যোগাৰ কৰিব নোৱাৰে তেওঁলোকৰ পৰা এমুঠি চাউল সংগ্ৰহ কৰা হ'ব ৷

ঘৰে ঘৰে সংগৃহীত মাটি বা চাউল ২ অক্টোবৰত গাঁও পঞ্চায়ত বা পৌৰ নিগমৰ ক্ষেত্ৰত ৱাৰ্ডত সংমিশ্ৰণ কৰি এটা কলহত ভৰোৱা হ'ব ৷ গুৱাহাটী পৌৰ নিগমৰ ৬০ টা ৱাৰ্ডৰ প্ৰতিটোৰে পৰা একোটা অমৃত কলহত সংগৃহীত মাটি ৮ অক্টোবৰত হেঙেৰাবাৰীত থকা অমৃত উদ্যানলৈ অনা হ'ব ৷

একেদৰে গাঁও পঞ্চায়তৰ পৰা সংগৃহীত মাটি খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয়লৈ অনা হ'ব। তাতে মাটিখিনি সংমিশ্ৰণ কৰি দুটা পিতলৰ কলহত ভৰাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ২৬ অক্টোবৰত হ'বলগীয়া ৰাজ্যিক অনুষ্ঠানলৈ প্ৰেৰণ কৰা হ'ব ৷

তাৰ পৰা সমগ্ৰ ৰাজ্যৰ ২৭০টা মাটি ভৰ্তি পিতলৰ কলহ নতুন দিল্লীলৈ নিয়া হ'ব আৰু সেই মাটি সমগ্ৰ দেশৰ পৰা একে পদ্ধতিৰে অনা মাটিৰ সৈতে অমৃত বাটিকাৰ নিৰ্মাণত ব্যৱহাৰ কৰা হ'ব ৷ আজি সভাত উপস্থিত থাকি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰনীয়াই দল-মত নিৰ্বিশেষে সকলোকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷

গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ডসমূহত সংগৃহীত মাটি অমৃত কলহত ভৰোৱাৰ পিছত অৱশিষ্ট মাটিখিনি ৰাজহুৱা সভাগৃহ নিৰ্মাণত ব্যৱহাৰ কৰিব বুলি সদৰি কৰে মেয়ৰগৰাকীয়ে ৷ সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ডৰথী ছুচিয়াং, জিলা উন্নয়ণ আয়ুক্ত গৌৰী শংকৰ দাস, গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্ত প্ৰণৱজ্যোতি গোস্বামী, অতিৰিক্ত জিলা আযুক্ত পিংকী দত্ত প্ৰমুখ্যে কেবাগৰাকী জ্যেষ্ঠ বিষয়া, গুৱাহাটী পৌৰ নিগমৰ বিভিন্ন ৱাৰ্ডৰ পাৰিষদ,গাঁও পঞ্চায়তৰ সভাপতি- সচিবসহ কেবাগৰাকী প্ৰতিনিধি, বিভিন্ন ৰাজনৈতিক আৰু অৰাজনৈতিক দল- সংগঠনৰ প্ৰতিনিধিৰ লগতে কেবাগৰাকী বিশিষ্ট নাগৰিক সভাখনত উপস্থিত থাকে ৷

উল্লেখযোগ্য যে 'অমৃত কলহ যাত্ৰা'ৰ প্ৰচাৰৰ বাবে হিন্দী আৰু অসমীয়া ভাষাত প্ৰস্তুত কৰা দুটাকৈ ভিডিঅ' আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বাৰ্তা সম্বলিত আন এটা ভিডিঅ' সভাত প্ৰদৰ্শন কৰা হয় ৷

কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত 'অমৃত কলহ যাত্ৰা'ৰ ৰূপায়ন সন্দৰ্ভত আলোচনা
গণেজ পূজা মণ্ডপত উপস্থিত হৈ প্ৰমোদ বড়োক কটাক্ষ হাগ্ৰামা মহিলাৰীৰ
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in