/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/6ec29ad7-4dd1-450b-9b4b-da7563681d41/121.jpg)
ডিজিটেল সংবাদ,কোকৰাঝাৰ : 'বিটিচিত সকলো জাতি-জনগোষ্ঠীৰে মাটি-বাৰীৰ সমস্যা আছে। বিপিএফ শাসনত আহিলে বনাঞ্চলত বসৱাস কৰা,একচনীয়া মাটিত বসৱাস কৰা লোকসকলক ভূমিপট্টা দিব।' এইদৰে মন্তব্য প্ৰকাশ কৰে হাগ্ৰামা মহিলাৰীয়ে। মংলবাৰে কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীয়ে কালিবাড়ী গণেজ পূজা মণ্ডপত উপস্থিত হৈ পূজা-অৰ্চনা কৰি সংবাদ মাধ্যমৰ আগত উক্ত মন্তব্য প্ৰকাশ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/42db6aeb-a601-42c4-8d8a-8f893478bf93/334580a2_e128_4d8f_834b_0f6e7005d8f2.jpg)
লগতে তেওঁ কয় যে,বিটিচি শান্তিৰে চলা নাই। গতিকে শান্তিৰ বাবে পূৰ্জা -অৰ্চনা কৰা বুলি হাগ্ৰামা মহিলাৰীয়ে সদৰি কৰে। তেওঁ প্ৰমোদ বড়োক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে, সকলো জাতি -জনগোষ্ঠী বৰ্তমান অশান্তিত আছে আৰু প্ৰমোদ বড়ো ভিত্তিহীন আৰু অন্তসাৰ শূণ্য বুলি মহিলাৰীয়ে মন্তব্য কৰে ।
'বিপিএফ চৰকাৰৰ দিনত প্ৰথম পৰ্যায়ত বহু লোকক মাটিৰ পট্টা দিয়া হৈছিল আৰু শাসনলৈ আহিলে পুনৰাই সকলো জাতি জনগোষ্ঠীৰ লোকক ভূমিপট্টা দিব। বিটিচিত ভূমিপট্টা দিবলৈ দিল্লী -দিছপুৰৰ কোনো অনুমতিৰ প্ৰয়োজন নাই। বিটিচিত ভূমিপট্টা দিবলৈ নতুনকৈ আইন প্ৰণয়নৰ কোনো প্ৰয়োজন নাই । প্ৰমোদ বড়ো ইচ্ছা কৰিলেই ভূমিপট্টা দিব পাৰে কিন্ত তেওঁ নিদিয়ে' বুলি মহিলাৰীয়ে মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/c5005506-aa14-4a0b-8fa2-deeca219f53a/fd828ae0_b428_4da3_bc98_9a718e7816cd.jpg)
তদুপৰি মহিলাৰীয়ে ঝাৰবাৰীত সন্দেহযুক্ত চোৰাং কাঠসৰবৰাহকাৰীক বনকৰ্মীয়ে গুলীয়াই হত্যা কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি 'সেয়া প্ৰমোদ বড়ো আৰু ফেৰেংগাইহে জানিব' বুলি মন্তব্য কৰে। বনকৰ্মীৰ গুলীত নিহত হোৱা ঘটনাত ৰেঞ্জাৰ এজনক গ্ৰেপ্তাৰ কৰাটো ভাল হৈছে আৰু এতিয়া সকলো কথা ওলাই পৰিব বুলি মন্তব্য কৰি মহিলাৰীয়ে কয় যে নিহত হোৱা লোকগৰাকী নিৰীহ আছিল।
ইপিনে হাগ্ৰামা মহিলাৰীয়ে আগন্তুক নিৰ্বাচনত অগপ , কংগ্ৰেছ ,বিজেপি কাৰো লগতেই মিত্ৰতা নহয় বুলি স্পষ্ট কৰি দিয়ে ।
Also Read: জামুগুৰিহাটৰ বগাবিলত বিনামূলীয়া চকু চিকিৎসা শিবিৰ সম্পন্ন